ডিজিটেল ডেস্কঃ বিজেপিৰ গঢ় বিচাপে পৰিচিত গুজৰাটৰ বাঘোডিয়া বিধান সভা আসনত পুনৰ দলে বাহুবলী মধুক দিলে দলৰ টিকট। এই আসনৰ বাবে বিজেপিয়ে বাহুবলী খ্যাত মধু শ্ৰীবাস্তৱক টিকট দি আহিছে যদিও এইবেলি অইন এজৰ নাম চৰ্চাত আছিল ৷ মধুৱে একেটা সমষ্টিৰ পৰা ৫বাৰকৈ নিৰ্বাচনত জয়ী হৈছে৷ 

ৰাজনীতিৰ ক্ষেত্ৰত মধু শ্ৰীবাস্তৱক কোনেও হৰুৱাব নোবাৰে বুলি কয় মানুহে৷ কিয়নো তেওঁ এজন-দুজন নহয় তিনিজনকৈ লোকক মুখ্যমন্ত্ৰী আৰু বিজেপি দলক গুজৰাটত চৰকাৰ বনোৱাত বহুলাংশে সহায় কৰিছিল৷

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এটা সময়ত ৰেলৰ পাইলট আছিল মধু। মধুৱে ১৯৯৭ চনত প্ৰথম বাৰৰ বাবে শংকৰ সিং বাঘেলাক মুখ্যমন্ত্ৰী হোৱাত সহায় কৰিছিল৷ লগতে কেছুভাই পেটেলক আৰু পিছলৈ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হোৱাতো সহায় আগবঢ়াইছিল৷

নিজৰ বাহুবলী চেহেৰাৰ বাবে জনপ্ৰিয় মধু শ্ৰীবস্তৱৰ বিবাদতো নাম সাঙুৰ খাইছিল৷ ২০০২ চনত ৱেষ্ট বেকাৰী কাণ্ডত খুৱেই চৰ্চিত হৈছিল মধুৰ নাম৷

ৰাজনীতিৰ লগতে মধুৱে অভিনয় আৰু সংগীততো সমানে পাৰ্গত৷ তেওঁক কেইবাখনো গুজৰাটী বোলছৱিত অভিনয় কৰা দেখা গৈছে৷ শীঘ্ৰেই তেওঁৰ নতুন বোলছৱি মুক্তি পাব, য’ত তেওঁ এনকাউন্টাৰ স্পেছিয়েলিষ্ট হিচাপে অভিনয় কৰিছে৷