Readers Ride
Readers Ride

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে মহিলাৰ ওপৰত শাৰিৰীক-মানসিক নিৰ্যাতন-ধৰ্ষণ কাণ্ড দিনক দিনে বৃদ্ধি পাইছে৷ শাৰিৰীক-মানসিক নিৰ্যাতন, যৌন আতিশয্যক লৈ সকলোৱে চিন্তিত হৈ পৰিছে৷ সমাজৰ বাবে বৰবিহ স্বৰূপ হৈ পৰিছে মহিলাৰ ওপৰত চলোৱা শাৰিৰীক-মানসিক নিৰ্যাতন, যৌন আতিশয্যৰ ঘটনা৷ তাৰ মাজতে, যৌন অপৰাধ বৃদ্ধি পোৱাৰ কাৰণ বিচাৰি উলিওৱাৰ চেষ্টা চলাইছে মাদ্ৰাজ উচ্চ ন্যায়লয়ে৷

পুৰুষৰ যৌন চাহিদা পূৰ্ণ নোহোৱাৰ বাবেই এনে অপৰাধ দিনক দিনে বৃদ্ধি পাইছে নেকি বুলি আদালতে প্ৰশ্ন কৰে উত্থাপন কৰে৷ সম্পূৰ্ণ বিষয়টো চালিজাৰি চাই ১০ জানুৱাৰিৰ ভিতৰত কেন্দ্ৰ চৰকাৰ আৰু তামিলনাডু চৰকাৰক উত্তৰ দিবলৈ এক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷ প্ৰতি বছৰ সমগ্ৰ দেশতে মহিলাৰ ওপৰত উদ্বেগজনক ভাবে যৌন আত্যাচাৰ ঘটনা বৃদ্ধি পাই আহিছে৷ এই জঘন্য অপৰাধ শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা ল’ব লগিব বুলি কৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰ আৰু জাতীয় মহিলা কমিছনলৈ একাধিক প্ৰশ্ন উত্থাপন কৰিছে বিচাৰপ্ৰতি এন কিৰুবাকৰণে৷

২০১২ চনত ৰ্নিভয়া কাণ্ডৰ পিছত ধৰ্ষণ সম্পৰ্কীয় আইন কঠোৰ হোৱাৰ পিছতো যৌন আতিশয্য দৰে ঘটনা কিদৰে বৃদ্ধি পাবলৈ ধৰিছে তাক বিচাৰ বিবেচনা কৰা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে বিচাৰপতিগৰাকীয়ে৷ এনে ধৰণৰ অপৰাধক মানসিক তথা সামাজিক দিশতো পৰীক্ষা কৰি চোৱা উচিত বুলি তেওঁ কয়৷ ইফালে ৬০ বছৰীয়া মানসিক বাধাগ্ৰস্ত এগৰাকী বৃদ্ধাৰ ধৰ্ষণৰ ঘটনাত অভিযুক্ত এণ্ডুজ আৰু প্ৰভুৰ জামিনৰ আবেদন খাৰিজ কৰি বিচাৰপতিগৰাকীয়ে যৌন আতিশয্যৰ দ্বাৰা গোপনীয়তা ৰক্ষা, ব্যক্তিত্ব আৰু সন্মানত আঘাত কৰা হয়৷ এইধৰনৰ অপৰাধীসকল মানুহ তো নহয়, পশুও নহয়, কাৰণ পশুৱে নিজৰ ক্ষেত্ৰত বহুত সৎ বুলি মন্তব্য কৰে৷