ডিব্ৰুগড়ঃ শেহতীয়াকৈ মহাত্মা গান্ধীৰ পৰিৱৰ্তে হত্যাকাৰী নাথুৰাম গডছকহে পূজা কৰা বুলি প্ৰচাৰ হয়৷ দেশৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ দেশে স্বাধীনতা লাভ কৰিছিল। তেওৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলন আৰম্ভ হয়৷

অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীয়ে অনৈক্যৰ মাজত ঐক্য, বিভিন্নতাৰ মাজত একতা, হিংসা-দ্বেষ, যুদ্ধ-বিদ্ৰোহ, মান-অভিমান, উচ্চ-নীচ আদি সমস্ত ভেদাভেদ পৰিহাৰ কৰি এক মহান শান্তি, মৈত্ৰী, সহনশীলতা আৰু সহাৱস্থান আদি মহান ভাবেৰে ভাবিত হৈ অহিংসা নীতিৰে মানৱৰ কল্যাণ সাধন কৰাৰ লগতে বিশ্ব ভাতৃত্ববোধ গঢ়িব বিচৰা অহিংসাৰ পূজাৰী আছিল মহামানৱ মহাত্মা গান্ধী৷

কিন্তু মহা মানৱ মহাত্মা গান্ধীক অপমান কৰাৰ বাবে সহ্য কৰিব পৰা নাই ৰাজ্যৰ এখন ঠাইৰ লোকে৷ কেন্দ্ৰীয় চৰকাৰে মহাত্মা গান্ধীৰ নামেৰে ৰূপায়ণ কৰে এমজি এনৰেগা আঁচনি৷ দেশৰ দৰিদ্ৰ-খাটিখোৱা লোকৰ আপোন মহাত্মা গান্ধীৰ নামেৰে ৰূপায়ণ কৰা আঁচনি খনৰ জৰিয়তে মহাত্মা গান্ধীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে৷

দৰিদ্ৰ খাটিখোৱা লোকৰ নিয়োগ নিশ্চিত কৰাৰ বাবে ৰূপায়ণ কৰা এই আঁচনিত দুৰ্নীতি কিমান হৈছে সেই কথা কোৱা বাহুল্য যদিও আঁচনিৰ ফলকত মহাত্মা গান্ধীক বিকৃত কৰি অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পানীতোলা উন্নয়ন খণ্ডৰ অধীনৰ প্ৰায়বোৰ পঞ্চায়ত ৱাৰ্ডত এনেৰেগা আঁচনিৰ প্ৰতীকত মহাত্মা গান্ধীৰ ছবি বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে।

পানীতোলা উন্নয়ন খণ্ডত বিভিন্ন ঠাইত আঁচনি ৰূপায়ণ কৰি ফলক লগোৱা হয় যদিও প্ৰতীকত মহাত্মা গান্ধীৰ ছবি খন বিকৃত কৰা হৈছে। মহাত্মা গান্ধীৰ ছবি খন আন কোনো লোকৰ বুলি হে ধাৰণা কৰিব পাৰি৷ মহাত্মা গান্ধীৰ ছবি খন ভুলকৈ অংকন কৰাটো এক প্ৰকাৰৰ অপৰাধ বুলি কব খোজে স্থানীয় লোকে। আঁচনিৰ শিতানৰ ধনেৰে ফলক নিৰ্মাণ কৰিছে যদিও গুৰুত্ব সহকাৰে কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ মহাত্মা গান্ধীক ভুল ৰূপত অংকন কৰা কাৰ্যক কোনো মতেই গ্ৰহণ কৰিব নোৱাৰি বুলি কয় সচেতন মহলে।