আগৰতলাঃ কেইদিনমান পুৰ্বেই আৰক্ষীৰ হাতত নিহত হৈছিল ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিক৷ ভৌমিকৰ মৃত্যুত চিন্তা ব্যক্ত কৰে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।ভৌমিকৰ পত্নী আৰু সাংবাদিক মাতৃৰ সৈতে মঙলবাৰে বহু সময় ধৰি ফোনত কথা পাতে মুখ্যমন্ত্ৰী মমতাই৷

বিধানগৰৰ মেয়ৰ তথা ত্ৰিপুৰাৰ তৃণমূলৰ পৰ্যবেক্ষক সব্যসাচী দত্তই মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে সুদীপৰ পৰিয়ালক ফোনযোগে সাক্ষাৎ কৰি দিয়ে। সাক্ষাৎকাৰত মমতাৰ হৈ সব্যসাচীয়ে সুদীপৰ ভাতৃক পশ্চিমবঙ্গত চাকৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত গণমাধ্যমৰ ওপৰত এটাৰ পিচত এটা আক্ৰমণ হৈ আছে৷ ইয়াৰ পুৰ্বে খবৰ সংগ্ৰহ কৰিবলৈ গৈ সাংবাদিক শান্তনু ভৌমিকৰো প্ৰাণ গৈছিল৷ সেইবাৰ অভিযোগ উঠিছিল আই পি এফ টিৰ সমৰ্থকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল৷

এইবাৰ খোদ আৰক্ষীয়েই এই অভিযোগত অভিযুক্ত৷ সেয়েহে মানৱতাৰ দৃষ্টান্ত দাঙি দৰি মমতাই সাংবাদিক জনৰ পৰিয়ালৰ ওচৰত থিয় দিয়ে৷ তেওঁৰ দল তৃণমূল কংগ্ৰেছে সুদীপৰ পুত্ৰ আৰু কন্যাৰ ভবিষ্যত পঢ়া-শুনাৰ খৰচ বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰিব বুলিও কয়৷

মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় আৰক্ষীয়ে সাংবাদিকজনক হত্যা কৰিলে।সেই আৰক্ষীয়েই তদন্ত কৰাটো হাস্যকৰ৷ পৰিয়ালৰ সদস্য সকলক সান্তনা দিয়াৰ লগতে লৰা-ছোৱালী দুটিৰ যাতে পঢ়া শুনাত ব্যাঘাত নজন্মে তাৰ নিশ্চয়তা প্ৰদান কৰে সব্যসাচী দত্তই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে গণমাধ্যমৰ স্বাধীনতাক উচ্চ আসন দিয়াৰ পোষকতা কৰে৷ আনহাতে সাংবাদিক গৌৰী লংকেশ হত্যাৰ সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে সৰৱ হৈ পৰিছিল৷ এইবাৰো সেই একে নিদৰ্শন দাঙি ধৰি মুখ্যমন্ত্ৰী মমতাই সুদীপৰ পৰিয়ালৰ ওচৰত থিয় দিয়ে৷