ডিজিটেল ডেস্কঃ বাটৰ কুকুৰৰ সতে যৌন বাসনা চৰিতাৰ্থ কৰিবলৈ গৈ আটক হ’ল মুম্বাইৰ এজন যুৱক৷ মুম্বাইৰ পোৱৈ অঞ্চলৰ বাসিন্দা কুলদ্বীপ কাড়োতিয়া নামৰ ১৯ বছৰীয়া যুৱকজনে পথৰ কুকুৰ এটাৰ সতে যৌন বাসনা চৰিতাৰ্থ কৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ 

প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে, শনিবাৰে নিশা যুৱকজনক অস্বাভাৱিক অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ যুৱকজনে নিজৰ বিকৃত মানসিকতাৰে নিশা পথৰ কাষত ৰৈ থকা এটা কুকুৰক জোৰ কৰি ধৰি পথৰ কাষৰ ৰাজহুৱা শৌচাগাৰলৈ লৈ যায়৷ যুৱকজনে তাত কুকুৰটোৰ সতে অপকৰ্মত লিপ্ত হয়৷ 

স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে৷ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিকৃত মনৰ যুৱকজনক আটক কৰে৷ আৰক্ষীয়ে জনোৱা মতে, ধৃত যুৱকজনৰ বিৰুদ্ধে অস্বাভাৱিক ধৰ্ষণৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাত এটি গোচৰ ৰুজু কৰা হৈছে৷ 

ইফালে গৃহ কন্দলৰ কাৰণ হিচাপে বিশ্বৰ ৬০ শতাংশ মহিলাই অকপটে স্বীকাৰ কৰে যে তেওঁলোকৰ জীৱন সংগী গৰাকীয়ে ঘৰৰ কুকুৰ আদি জীৱ-জন্তুৰ ওপৰত উৎপীড়ন চলাই হত্যা কৰে৷ বিশ্বৰ ৬০ শতাংশ মহিলাই কৰা অভিযোগ অনুসৰি এই হত্যাৰ আঁৰত যৌন নিগ্ৰহো জড়িত হৈ থাকে৷