দলংঘাটঃ অসম কন্যা মানসীক লাগে আপোনাৰ মৰম-চেনেহ। &TVৰ Voice India Kidsৰ মুল প্ৰতিযোগি অসমৰ মানসীয়ে আপোনাৰ পৰা বিছাৰিছে সহাৰি৷ আপোনাৰ সহাৰিয়ে মানসীক উজলাই তুলিব ৰাষ্ট্ৰীয় পৰ্যায়ত। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী তথা দৰঙৰ উদমাৰী গাঁৱৰ মানসী চহৰীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত সকলোৰে হৃদয়-মন জয় কৰিবলৈ সক্ষম হৈছে। নিজৰ যাদুকৰি কন্ঠৰে একাধিক প্ৰতিযোগিক পিছ পেলাই 'ভইচ অৱ কিডছ' প্ৰতিযোগিতাত অন্তিম ১২ গৰাকী প্ৰতিযোগিৰ মাজত স্থান লাভ কৰিছে। 

৩ বছৰ বয়সৰ পৰাই সংগীতৰ শিক্ষা গ্ৰহণ কৰা মানসী চহৰীয়াই তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই মঙলদৈৰ চপাইত অনুষ্ঠিত হোৱা ভইচ অৱ দৰং প্ৰতিযোগিতাত লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ খিতাপ। ১১ বছৰীয়া কিশোৰীগৰাকীয়ে  &TVৰ Voice India Kidsৰ প্ৰতিযোগিতাতো দুটাকৈ ৰাউণ্ডত সফলতাৰে পাৰ কৰি মূল প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। 

মুম্বাইত মানসীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত খ্যাতনামা শিল্পী চান, হিমেশ ৰশমীয়া, পলক মচুল, পাপনৰ লগতে অন্য বিচাৰকৰ মুগ্ধ কৰিবলৈ সক্ষম হয়। দেশৰ বিভিন্ন প্ৰান্তৰ ১২গৰাকী প্ৰতিযোগিয়ে লাইভ ৰাউণ্ডত মানসীক প্ৰয়োজন মাত্ৰ আপোনাৰ সহায়ৰ।

কিয়নো ভোটিং ৰাউণ্ডত মানসীক জয়ী কৰাবলৈ হলে ০৭০৯৭২৯৭৩১২ নম্বৰত ডায়েল কৰি ভোট দিব পাৰিব। মানসীৰ ক’ড নম্বৰ ১২ । আনহাতে এছ এম এছৰ জৰিয়তে ভোট দিব পাৰিব।এছ এম এছ দিবলৈ 'MAN’ টাইপ কৰি ৫৭৫৭৫ নম্বৰলৈ প্ৰেৰণ দিব লাগিব। অনুষ্ঠান আৰম্ভ হোৱাৰ পৰা ১২ ঘন্টাৰ ভিতৰত মানসীক ভোট দিব লাগিব।

ইফালে অাৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ সন্তান মানসীক দৰং তথা সমূহ অসম বাসী ৰাইজক নিজৰ ভোটটো প্ৰদান কৰি জয়ী কৰি আনিবলৈ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, সাধাৰণ সম্পাদক প্ৰৰাগ চহৰীয়া, দৰং জিলা যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা হিমাদ্ৰী কুমাৰ শৰ্মা, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, বি টি চিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই সকলোলৈ আহ্বান জনায় ।