ডিজিটেল ডেস্কঃ মণিপুৰৰ ডেৰটা দশকৰ কংগ্ৰেছৰ শাসন ওফৰাই গেৰুৱা দলৰ চৰকাৰখন ক্ষমতালৈ অহাৰ এমাহ নৌহওতেও মন্ত্ৰী পৰিষদত দেখা দিছে খামখেয়ালিয়ে। এনে খামখেয়ালিৰ পৰিপ্ৰেক্ষিততে যোৱা ১৩ এপ্ৰিলত পদত্যাগ পত্ৰ দাখিল কৰে ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে।

স্বতন্ত্ৰতাৰে কাম কৰিব নোৱাৰাৰ আপত্তি দৰ্শাই পদত্যাগ পত্ৰ দাখিল কৰা নৱগঠিত মিত্ৰজোঁটৰ চৰকাৰখনৰ এইগৰাকী মন্ত্ৰী হৈছে লেংপোকলাকপাম জয়েন্তকুমাৰ সিং। স্বাস্থ্য আৰু পৰিয়াল কল্যণ বিভাগৰ দায়িত্বত আছিল মন্ত্ৰী লেংপোকলাকপাম।

১৩ এপ্ৰিলতে পদত্যাগ পত্ৰ দাখিল কৰিলেও শুকুৰবাৰে নিশাহে সংবাদমেলযোগে এই কথা ৰাজহুৱা কৰে নেশ্যনেল পিপলচ্ পাৰ্টিৰ মন্ত্ৰীজনে। ইফালে, ইম্ফল ৱেষ্ট জিলাৰ কেইচামথং সমষ্টিৰপৰা জয়লাভ কৰা এনপিপিৰ বিধায়কজনৰ পদত্যাগ পত্ৰ এতিয়াও মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ হাতত পৰা নাই বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই পিটিআইক জানিবলৈ দিছে। 

১৫ মাৰ্চত মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ সৈতে একেলগে ৮ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল যাৰ মাজত জয়েন্তকুমাৰো আছিল। কেবিনেট মন্ত্ৰী হিচাপে দায়িত্বত অবাঞ্চিত হস্তক্ষেপত ৰুষ্ট হৈ পদবীৰ পৰা অব্যাহতি লোৱা বুলি লেংপোকলাকপামে পদত্যাগ পত্ৰত উল্লেখ কৰিছে। 

কেতবোৰ দূৰদৰ্শী পৰিকল্পনা লৈ আগবঢ়াৰ ক্ষেত্ৰত হস্তক্ষেপৰ সমুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত আত্মবিশ্বাস হেৰুওৱা বুলি লেংপোকলাকপামৰ পত্ৰত স্পষ্টকৈ প্ৰকাশ পাইছে। অৱশ্যে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেয়া এতিয়ালৈ ৰাজহুৱা কৰা নাই মন্ত্ৰী লেংপোকলাকপামে।