ইম্ফলঃ পুনৰ অশান্ত হৈ পৰিব পাৰে মণিপুৰ৷ মণিপুৰত সাতখনকৈ নতুন জিলা ঘোষণা কৰাক লৈ সংযুক্ত নাগা পৰিষদে আৰম্ভ কৰা অর্থনৈতিক অৱৰোধৰ ফলত বিগত চাৰিমাহ ধৰি অশান্ত হৈ পৰা ৰাজ্যখন পুনৰাই অস্থিৰ হৈ উঠাৰ আশংকাই দেখা দিছে৷ 

ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ অভিযানত ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ শেহতীয়াভাৱে কূটাঘাটৰ বাবে তৎপৰ হৈ উঠিছে বিদ্ৰোহী সংগঠনবোৰ৷ শনিবাৰে সমগ্ৰ মণিপুৰ স্তব্ধ কৰি তোলাৰ বাবে সাজু হৈছে ছটাকৈ উগ্ৰপন্ধী সংগঠন।  

মোদী উপস্থিত থাকিবলগীয়া নিৰ্বাচন প্ৰচাৰ অভিযান স্থলীৰপৰা শুক্ৰবাৰে এটা হেণ্ডগ্ৰেনেড আৰু বোমাও উদ্ধাৰ হৈছে৷ শনিবাৰে মোদীৰ আগমনৰ বিৰোধীতা কৰি পুৱা ৬ বজাৰপৰা বন্ধৰ আহ্বান জনাইছে সংগঠনকেইটাই৷ মোদীয়ে ইম্ফল নেৰালৈকে এই এই বন্ধ অব্যাহত থাকিব বুলি সংগঠনকেইটাই ঘোষণা কৰিছে৷