মাৰ্ঘেৰিটাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ  দাস 
সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষেৰে বিজেপিৰ "পৃষ্ঠাপ্ৰমুখ" নিযুক্তি সভা 
সভাত এশ জনতকৈও অধিক ব্যক্তিৰ বিজেপিত যোগদান 

লিডুঃ  পঞ্চায়তৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ  তৎপৰ হৈ পৰিছে৷ ইতিমধ্যে দলৰ ৰাজ্যিক নেতা-কৰ্মীৰ লগতে তৃণমুল পৰ্যায়ৰ কৰ্মীসকলে সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ 

শাসকীয় দল বিজেপিৰ মাৰ্ঘেৰিটা সদৰ মণ্ডল আৰু ব্লক মণ্ডলৰ উদ্যোগত আজি  তিনিচুকীয়া  জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ  উত্তৰ মাৰ্ঘেৰিটাৰ ৰঙ্গমঞ্চত  এখন " পৃষ্ঠাপ্ৰমুখ নিযুক্তি"  সভা নামাকৰনেৰে  এখন দলীয় কাৰ্যনিৰ্বাসক  সভা অনুস্থিত হৈ যায় ৷ বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী , বিজেপিৰ অসম ৰাজ্যিক সভাপতি অমিয় ভুঞা ,   স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মা,  বিজেপিৰ তিনিচুকীয়া জিলাৰ প্ৰভাৰী যুগমালা বুঢ়াগোহাই, ডিব্ৰুগড় লোকসভাৰ পূৰ্নকালিন বিস্তাৰক সেমপ্ৰভা বৰঠাকুৰ, ভৱেশ দত্ত, ভদেশ্বৰ মৰান, অজিত চৌধুৰী, পঙ্কজ ডেকা, বিশ্বজিৎ চৌধুৰীকে প্ৰমূখ্য কৰি ভাৰতীয় জনতা পাৰ্টি দলৰ বহুকেইগৰাকী  দলীয় জ্যেষ্ঠ নেতা৷ প্ৰত্যেককেই একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় মাৰ্ঘেৰিটাৰ সদৰ মণ্ডল আৰু ব্লক মণ্ডলৰ দলীয়  নেতা কৰ্মী সকলে ৷ 

সভাত উপস্থিত  ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ  নেতা সকলে ভাষনৰ প্ৰসংগত " পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ " দ্বাৰা মাৰ্ঘেৰিটা মহকুমাৰ প্ৰত্যেকটো বুথত বিজেপিৰ সাংগঠনিক স্থতি কিদৰে শক্তিশালী কৰিব পৰা যায় সেই সন্দৰ্ভত গুৰুত্বপূৰ্ন  মন্তব্য আগবঢ়ায় ৷  লগতে আজিৰ সভাতেই  মাৰ্ঘেৰিটা মহকুমাৰ ২১০ টা বুথৰ ভিতৰত আনুষ্ঠানিক ভাৱে ২০ জনকৈওঁ অধিক ব্যক্তিক ‘‘পৃষ্ঠা প্ৰমুখ’’ৰ দায়িত্ব অৰ্পন কৰা হয় ৷ দায়িত্ব অৰ্পন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ  দাসে ৷

 

উল্লেখযোগ্য যে আজিৰ সভাতেই প্ৰায় ১০০ জনতকৈওঁ অধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে ৷ 

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাষনৰ প্ৰসংগত সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে নিশ্চিত ভাৱে বৃহৎ সাফল্যতা লাভ কৰিব বুলি উল্লেখ কৰে ৷ লগতে অনাগত দিনত কংগ্ৰেছক প্ৰতিহত কৰিবলৈ বিজেপি সকলো সময়তেই প্ৰস্তুত বুলি গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়ায় ৷ নাগৰিক সংশোধনী বিধেয়ক খনৰ  উপৰত কংগ্ৰেছ চৰকাৰে বিভ্ৰান্তিমুলক মন্তব্যৰে ৰাইজক বিজেপিৰ প্ৰতি মোহ-ভংগ কৰাবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলিও তেঁও মত প্ৰকাশ কৰে ৷  জাতি মাটি আৰু ভেটিৰ স্বাৰ্থত গঠন হোৱা বিজেপিৰ মিত্ৰযোটৰ চৰকাৰখন  ৰাইজৰ স্বাৰ্থত গঠন হোৱা চৰকাৰ ৷ সেয়েহে ৰাইজক কংগ্ৰেছৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল নগৈ সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধিন বিজেপি  চৰকাৰখনৰ ওপৰত আস্থা অটুত ৰাখিবলৈ আহবান জনায় ৷

লিডুৰ পৰা উজ্জ্বল চৌধুৰী