নাগালেণ্ডৰ ৱাখাৰপৰা সপোন ৰহমান শইকীয়াঃ বহু চৰ্চিত তথা অতিকৈ স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত ৰাজ্যৰ অশান্তজৰ্জৰ অসম-নগালেণ্ড সীমান্তত পুনৰবাৰ শান্তিৰ বাৰ্তাৰে অনুষ্ঠিত হ'ল অসম-নগালেণ্ডৰ বন্ধুত্বমূলক ভলিবল টুৰ্ণামেণ্ট।

সীমান্ত অঞ্চলসমূহত শান্তিৰ বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যৰে তিতাবৰৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি অহা বন্ধুত্বমূলক ভলিবল টুৰ্ণামেণ্ট এইবাৰ নাগালেণ্ডৰ ৱাখা জিলাৰ আগটিত বস্তিত আৰম্ভ হয়।

২০০৩ চনৰপৰা ধাৰাবাহিক ভাবে অনুষ্ঠিত কৰি অহা প্ৰতিযোগিতাখনে এইবাৰ ১৬ টা বছৰত ভৰি দিছে।

এবাৰ যদি ভৈয়ামত এবাৰ পাহাৰত অনুষ্ঠিত কৰি অহা প্ৰতিযোগিতাখনৰ উদ্যোক্তাৰ ভূমিকা লৈছে দুই ৰাজ্যৰ কেইবাজনো সমাজকৰ্মীয়ে।

এইবাৰৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল দুই ৰাজ্যৰ ৩০ তাতকৈও অধিক পুৰুষ আৰু মহিলা ভলিবল দলে। প্ৰতিযোগিতাখনত চেম্পিয়ন হয় তিতাবৰৰ কছাৰী গাঁৱৰ ভলীবল দল আৰু ৰানাৰ্ছ আপ হয় তিতাবৰৰ মাধপুৰ ভলিবল দল।

মহিলা ভলিবল প্ৰতিযোগিতাত চেম্পিয়ন হয় নাগালেণ্ডৰ আগতিত বস্তিৰ দল।