সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নীত বৃহৎ পৰিমানৰ অৰুণাচলী অবৈধ সুৰা জব্দ কৰা হয়। 

মৰিয়নীৰ নিউ সোনোৱাল ডানী গাঁৱৰ দুই কুখ্যাত সুৰা মাফিয়া ৰাম দাস বলৰাম দাসৰ গৃহত উদ্ধাৰ প্ৰায় ৫ লাখ টকা মূল্যৰ অৰুণাচলী সুৰাৰ কাটুৰ্ন। মৰিয়নীস্থ আবকাৰী বিষয়া মঃ কামালুন্দিন আহমেদৰ নেতৃত্বত যোৱা এটা পাঁচ জনীয়া দলে অভিযান চলায় জব্দ কৰে সুৰা সমুহ৷

অভিযানৰ খবৰ পাই পলায়ন দুই সুৰা মাফিয়া। দীৰ্ঘদিন ধৰি যোৰহাট শিৱসাগৰত অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৰাম দাস বলৰাম দাসে৷ আবকাৰী বিভাগৰ তৰফৰপৰা জানিবলৈ দিয়া মতে সুৰা ব্যৱসায়ী ৰাম দাস আৰু বলৰাম দাসৰ বিৰুদ্ধে আইনীভাৱে আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লগতে অনাগত দিন বোৰত মৰিয়নীত গঢ় লৈ উঠা এই অবৈধ সুৰাৰ বিৰুদ্ধে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব৷