কোকৰাঝাৰঃ মন উতলোৱা ফাগুনত চৌদিশে মাথো শুভ-বিবাহৰ পয়োভৰ। আকাশে-বতাহে বলিয়া ফাগুনৰ শিমলু ফুল যেন ৰং শিৰত সিঁচি দিয়াৰেই যেন এক উন্মাদনা। মন ৰঙীণ কৰি তোলা এনে বতৰতেই বলিয়া ফাগুনে অাকৌ কাৰোবাৰ সপোনবোৰ তচনছ কৰি সংগোপনে উৰা মাৰে অচিন কৰবালৈ।

কোকৰাঝাৰৰ সদৰ চহৰৰ নজেন নাথৰ পৰিয়াল চহৰখনৰ এক সম্ভ্ৰান্ত পৰিয়াল। নজেন নাথৰ দুহিতা অনুপমা নাথ হ'ল উচ্চশিক্ষাৰে শিক্ষিতা অাধুনিক ছোৱালী। ফাগুনৰ মন উন্মনা কৰা বতৰতে বিয়া ঠিক হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সূৰ্যাখাতাৰ উচ্চশিক্ষিত, পেছাত অভিযন্তা উদ্ধৱ নাথৰ সৈতে। দুয়ো পৰিয়ালৰ মাজত অানন্দ, উলাহ। বিবাহৰ দিন -বাৰ ঠিক হ'ল।

সেইমতে দৰাপক্ষই যোৱা ১৭ ফাগুনত অৰ্থাৎ ১ মাৰ্চত জোৰণ পিন্ধাৱলৈ কইনাঘৰত হাজিৰ হ'ল। দৰাপক্ষই জোৰণ পিন্ধাৱলৈ অহাৰ ঠিক অাগমুহুৰ্তত কইনা অনুপমা নাথ বিউটি পাৰ্লাৰলৈ বুলি ওলাই গ'ল । দৰাপক্ষ জোৰণ পিন্ধাবলৈ অাহি কইনাৰ বাবে বহুসময় অপেক্ষা কৰিলে। দৰাপক্ষৰ মুখবোৰত ক্ৰোধৰ চাৱনি…কিছু বাদানুবাদৰ সৃষ্টি হ'ল…অাজিহে সময় পালেনে বিউটি পাৰ্লাৰলৈ যোৱাৰ …!!

এঘণ্টা, দুঘণ্টাকৈ কেবাঘণ্টা অতিক্ৰম কৰিলে…কিন্তু কইনা বিউটি পাৰ্লাৰৰ পৰা নাহেহে নাহে। দৰাপক্ষ অধৈৰ্য হ'ল…নহব এনেকৈ …কইনাই যদি নাই…জোৰণ হ'ব কিদৰে । অৱশেষত দৰাপক্ষই কইনাপক্ষক জেৰা কৰা অাৰম্ভ কৰিলে…।

পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিল অাৰু ঠিক তেনেতে কইনা অনুপমাৰ মোবাইলৰ পৰা কইনাৰ পিতৃ নজেন নাথলৈ ফোন অাহিল। দেউতা, মই গুৱাহাটীৰ অমুকৰ লগত অাহিলো, চিন্তা নকৰিবা...। ফোন কাট খাই গ'ল। হুকহুকাই কান্দি উঠিল কইনাৰ দেউতাক নজেন।

দৰাপক্ষই পৰিস্থিতি বিষম দেখি তৰ্জন-গৰ্জন কৰি মানহানিৰ গোচৰ তৰাৰ ভাৱুকিৰে কইনাঘৰৰ পৰা দপদপাই ওলাই গ'ল। কইনাৰ ৰভাঘৰ তেনেকৈয়ে পৰি থাকিল। যিসকল অাত্মীয় অাগতীয়াকৈ আহিছিল সিহঁতেও টালি-টোপোলা বান্ধিলে। উদং হৈ পৰিল কইনাঘৰ…। 

ইফালে দৰাঘৰৰ ব্যস্ততা দুগুণে বাঢ়িল। যিহেতু পূৰ্বনিৰ্ধাৰিত সময় অনুসৰি ১৮ ফাগুনত(২মাৰ্চ) বিয়া অাৰু ১৯ ফাগুন(৩মাৰ্চ)ত প্ৰীতিভোজ অনুষ্ঠানৰ অায়োজন অাৰু ইতিমধ্যে দূৰ-দূৰণিৰ সকলো আলহী-অতিথিকে বিয়াৰ নিমন্ত্ৰণী দিয়া হৈছে সেয়েহে দৰাঘৰে বিয়া বাতিল কৰাৰ সলনি নতুন কইনাৰ সন্ধানত নামি পৰিল।

সৌভাগ্যক্ৰমে দৰাপক্ষই বিলাসীপাৰা মহকুমাৰ এলেংমাৰীত এগৰাকী কইনাৰ সন্ধান পালে অাৰু সেই অনুযায়ী কালি সুকলমে বিবাহ সম্পন্ন হৈ যায়। অাজি দৰাঘৰত প্ৰীতিভোজ অনুষ্ঠান চলি থকাৰ সময়তে কোকৰাঝাৰৰ নজেন নাথৰ ঘৰত অাৰক্ষীৰ অাগমন ঘটে অাৰু ঘটনা সন্দৰ্ভত সোধপোছ কৰে।
     
উল্লেখ্য যে পলাতকা কইনা অনুপমা নাথক দুজন অভিযন্তাই অগাপিছাকৈ চাবলৈ অাহিছিল অাৰু কইনাগৰাকীয়ে দুয়োজনৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল। ঘৰ-পৰিয়ালে সূৰ্যাখাতাৰ অভিযন্তাগৰাকীৰ সৈতে বিবাহ ঠিক কৰিছিল যদিও কইনা অনুপমাই গুৱাহাটীৰ অভিযন্তাগৰাকীৰ সৈতে শেষ মুহুৰ্তত পলাই গৈ নতুন জীৱন আৰম্ভ কৰাৰ অকলশৰীয়া সিদ্ধান্ত লয়।

বিপৰীতে সূৰ্যাখাতাৰ অভিযন্তাজনেও সকলো পাহৰি অান এগৰাকীক জীৱন সংগী কৰি ল'লে। বিয়াৰ এনে তিতা-মিঠা ঘটনাই এতিয়া কোকৰাঝাৰবাসীৰ মুখে মুখে চৰ্চা লাভ কৰিছে। প্ৰতিটো আড্ডাস্থলী আৰু বিয়নী মেলতো মুখ্য বিষয় হৈ পৰিছে এই বিবাহ কাণ্ড।