লিডুঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সু-স্বাস্থ্যৰ বাবে কাঠফুলা খাই বুলি ব্যাপক চৰ্চা হৈছিল সংবাদ মাধ্যমত৷ কাঠফুলাৰ ব্যঞ্জন জনপ্ৰিয় হোৱাৰ সময়তে চাহিদা দিনে দিনে বৃদ্ধি হৈ আহিছে এই পুষ্টিকৰ খাদ্যবিধৰ। কাঠফুলাৰ লাভজনক উৎপাদন কৰি ব্যৱসায়ীক দিশত কঁকাল পোনাব পাৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ খেতিয়কৰ সমানে সমানে অসমৰ বহু যুৱকে। দেশৰ লগতে আমাৰ ৰাজ্যৰ একাংশ লোক৷ সুঠাম শৰীৰ আৰু স্বাস্থ্যৰ বাবে কাঠফুলা অৰ্থাত মাশ্ৰুম উপযোগী বুলি বিভিন্ন সময়ত চৰ্চাও হৈ আহিছে৷

কাঠফুলাই খালে হেনো মানুহে সকলো ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰি৷ কাঠফুলাৰ উৎপাদন অসমৰ গাঁৱে-ভূঞেওঁ হোৱা দেখা যায়৷ একাংশ শিক্ষিত যুৱক তথা পৰিয়ালে কাঠফুলাৰ উৎপাদনক উপাৰ্জনৰ মাধ্যম হিচাপে লোৱা দেখা গৈছে৷ তিনিচুকীয়া জিলাৰ একাংশ যুৱকো কাঠফুলা খেতি কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰি আহিছে৷ নিজ ঘৰতে অতি কষ্টৰে কাঠফুলা উৎপাদন কৰি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে৷

৬ মাহত ৩ লাখ টকা উপাৰ্জন কৰা উপাৰ্জন কৰে যুৱকসকলে৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ নিংগাম টাইফাকে গাঁৱৰ জাপেং ছাকাফ নামৰ যুৱকজনে নিজৰ ঘৰতে আৰম্ভ কৰিছে কাঠফুলাৰ এখন পাম। জাপেং ছাকাফে কম মূলধনেৰে পামখন আৰম্ভ কৰি লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে৷

উদ্যমী যুৱক জাপেং ছাকাফে কাঠফুলা খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে দহোটাকৈ পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে৷ সাহস আৰু ধৈৰ্য থাকিলে কম মুলধনেৰেও সফলতা লাভ কৰিব পাৰি, তাৰেই চানেকী হৈ জিলিকিছে এই জাপেং ছাকাফ৷ উচ্চশিক্ষিত ছাকেফে চাকৰি বিচাৰি সময় নষ্ট নকৰি কাঠফুলা খেতিত নিয়োজিত হৈ আদৰ্শৱান কৃষক হৈ পৰিছে৷