ডিব্ৰুগড়ঃ  গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাবে পৰিচিত সংবাদ কৰ্মীক এ আই ইউ ডি এফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে অভব্য আচৰণ কৰাত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । 

মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে এক বিবৃতিত উল্লেখ কৰিছে যে বদৰুদ্দিন আজমল গণতন্ত্ৰৰ পৰিপন্থী নেতা হিচাপে সমগ্ৰ ৰাজ্যতে পৰিচয় দাঙি ধৰিছে। এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ এনে অভব্য আচৰণ সহ্য কৰা নহব বুলি মটক সংগঠনটোৰ নেতা অজয় গগৈয়ে বিবৃতিটোত  উল্লেখ কৰিছে। বদৰুদ্দিন আজমলৰ এনে ঘৃণনীয় কাৰ্যক মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ-সভাপতি অজয় গগৈয়ে তীব্ৰ ধিক্কাৰ দিছে। 

গণতন্ত্ৰৰ পৰিপন্থী সাম্প্ৰদায়িক দলৰ নেতা বদৰুদ্দিন আজমলৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত সংগঠনটোৰ নেতা অজয় গগৈয়ে দাবী জনাইছে । নেতাগৰাকীয়ে আৰু লগতে কয় পঞ্চায়ত নিৰ্বাচনত মুখথেকেচা খায়েই মানসিক ভাৰসাম্য হেৰুৱাইছে বদৰুদ্দিন আজমলে। 

তদুপৰি অসমৰ সংবাদ ক্ষেত্ৰ খনৰ সৈতে জড়িত প্ৰতি গৰাকী সংবাদ কৰ্মীক সুনিশ্চিত নিৰাপত্তা দিবলৈ উজনি অসমৰ অন্যতম শক্তিশালী সংগঠন মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপ-সভাপতি অজয় গগৈয়ে সোণোৱাল চৰকাৰক আহ্বান জনাইছে।