ডিজিটেল ডেস্কঃ কুকুৰাৰ মাংসৰ দাম কমাবই লাগিব। অন্যথা মাংসৰ বেপাৰীক শাস্তি বিহিব কেৰালাৰ চৰকাৰে।

জি এছ টি কাৰ্যকৰীকৰণৰ নামত আভুৱা ভাৰি ৰাজ্যখনৰ ব্যৱসায়ীয়ে কিছুদিন মাংসৰ দাম বৃদ্ধি কৰিছে। যাৰ ফলত দুৰ্গতি হৈছে জনতাৰ। এই বিষয়ত ব্যৱস্থা লৈছে চৰকাৰে।

আজি কেৰালাৰ বাঁও ফ্ৰণ্ট চৰকাৰৰ বিত্তমন্ত্ৰী ডাঃ টি এম থমাছে ধৰি দিছে মাংসৰ বিক্ৰয় মূল্য। তদানুসৰি ৰাজ্যখনত প্ৰতি কিলোগ্ৰাম কুকুৰা বিক্ৰী কৰিব পৰা যাব সৰ্বাৰ্ধিক ৮৭ টকাত।

যদি তাতকৈ অধিক দাম নিৰ্ধাৰণ কৰে, তেন্তে শাস্তি ভুগিব লাগিব ব্যৱসায়ীয়ে। বৰ্তমান জি এছ টিৰ আওতাত কেৰালাত মাংসৰ ওপৰত ১৪ শতাংশ কৰ আৰোপ কৰা হৈছে। তথাপি দাম নিয়ন্ত্ৰণত চৰকাৰ সফল হৈছে। পিছে অসমত দিনক-দিনে বাঢ়িছে দাম।