গুৱাহাটীঃ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহিল মহানগৰীৰ সচেতন সমাজ৷ অসমৰ বুদ্ধিজীৱীক অন্যায় ভাবে ষড়যন্ত্ৰমূলক ভাবে আৰক্ষীৰ হতুৱাই ব্যতিব্যস্ত কৰাৰ অভিযোগ উত্থাপন কৰি মহানগৰীৰ প্ৰতিবাদী সভা অনুষ্ঠিত কৰে কেইবাশতাধিক লোকে৷ কেইবাগৰাকী গণ্য-মান্য লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ লগতে মাদানীৰ বক্তব্যৰ তীব্ৰ বিৰুদ্ধাচাৰণ কৰে ৰাইজে।

দিল্লীৰ Constitution Clubত অনুষ্ঠিত NRCৰ সভাৰ তদন্ত কৰাৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে৷ অসম আৰক্ষীয়ে ইতিমধ্যে Constitution Clubত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ক্নাবৰ লোকক সোধ-পোছ কৰে৷ Delhi Action Committee for Assamৰ সভাপতি বনজিৎ হুছেইন, অম্ৰপালী বসুমতাৰীক আৰক্ষীয়ে সোধ-পোছ কৰে৷

সভাত অংশ গ্ৰহণ কৰা অসমৰ বুদ্ধিজীৱীক আৰক্ষীয়ে সোধ-পোছ কৰে৷ বৃহস্পতিবাৰে নিশা ফটাশীল আৰক্ষীয়ে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ ঘৰত উপস্থিত হৈ সোধ-পোছ কৰে৷ আনহাতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই শুকুৰবাৰে ফটাশিল আৰক্ষী থানাত হাজিৰ হয়৷ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, অপূৰ্ব বৰাকো থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷

তাৰ পিছতে ৰাজ্যৰ একাংশ লোক ক্ষোভিত হৈ পৰে৷ যাৰ ফলত বৃহস্পতিবাৰে ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰ্শ্বাদ মাদানীৰ সাম্প্ৰদায়ীক বক্তৱ্যৰ অজুহাতত উক্ত সভাত উপস্থিত থকা অসমৰ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাই প্ৰমুখ্যে অসমৰ বিশিষ্ট ব্যক্তিসকলৰ ৰাজ্যখনত এটা মহলে কুৎসা ৰটনাত লিপ্ত হৈছে বুলি কয় সভাত উপস্থিত বিশিষ্ট লোকেসকলে।

কেৱল সেয়াই নহয় আৰ্শ্বাদ মাদানী বক্তব্যৰ অজুহাতত অসম চৰকাৰে ড০ হীৰেন গোঁহাই আৰু সভাখনত উপস্থিত থকা অসমৰ বিশিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে এক আৰক্ষীয়ে প্ৰক্ৰিয়া আৰম্ভ কৰা কাৰ্য দেখ দেখকৈ আক্ৰোশমুলক আৰু পক্ষপাতমূলক বুলিও কয়৷

সভাত বিশিষ্ট চিন্তাবিদ ড০ দীনেশ বৈশ্য, বামপন্থী নেতা হেমেন দাস, বিশিষ্ট নাগৰিক ড০ উদায়দিত্য ভৰালি, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা আদি লোকে অংশ লৈ ভাষণ আগবঢ়ায়৷