ওদালগুৰিঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি সোমবাৰে ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাংগণত ভোগালীৰ মেজি জ্বলি শতাধিক ভক্তই। সোমবাৰে পুৱাৰে পৰাই বিভিন্ন নাম প্ৰসংগৰে মুখৰিত হৈ পৰে বৰপেটা সত্ৰৰ স্বীকৃতিপ্ৰাপ্ত ওদালগুৰি শংকৰদেৱ সত্ৰ।

১৯৩৫ চনতে স্থাপন কৰা ওদালগুৰিৰ শ্ৰীমন্ত শংকৰ দেৱ সত্ৰলৈ পুৱাৰে পৰাই চহৰখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা গায়ন-বায়ন, আই-বাপ, বৃদ্ধ, শিশু-মহিলাই ভিৰ কৰা পৰিলক্ষিত হয়। নাম-প্ৰসংগৰ পাছতেই বাপ-বান্ধৱসকলৰ হৰিধ্বনিৰে সত্ৰখনৰ সন্মুখত নিৰ্মাণ কৰা মেজি প্ৰজ্বলন কৰে।

একেদৰে ওদালগুৰি ৰাজহুৱা ৰাখল নামঘৰতো পুৱা একেই পৰিৱেশৰ মাজেৰে মেজি প্ৰজ্বনল কৰে। কেৱল নামঘৰতেই নহয়, ওদালগুৰিৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা মেজিৰ একাংশ মেজি দেওবাৰে প্ৰজ্বলন কৰা হয় যদিও বৰপেটা সত্ৰৰ পৰম্পৰা অটুত ৰাখি ওদালগুৰিৰ মেজি সোমবাৰে প্ৰজ্বলন কৰা হয়। দেওবাৰে নিশা উৰুকা উদযাপন কৰি লগে ভাগে এসাজ খাই ধৰ্মীয় ৰীতি নীতিৰে মেজিসমূহ প্ৰজ্বলন কৰা হয়।