তেজপুৰঃ ৰিপুন বৰাই বিবাহিত হৈ কি কাম কৰিছে সকলোৱে দেখিছে, ৰূপজ্যোতি কুৰ্মীয়ে চাগে মনে মনে বিজেপিতে ভোট দিয়াৰ কথা ভাবিছে৷এই মন্তৱ্য ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী পল্লৱলোচন দাসৰ।

ৰিপুন বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অবিৱাহিত বুলি কোৱাৰ প্ৰত্ত্যুতৰত পল্লৱলোচন দাসে কয় ৰিপুণ বৰাই বিবাহিত হৈ নো কি কৰিছে সেয়া সকলোৱে দেখিছে। অবিবাহিত হৈয়ো  মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজৰ বাবে ভালকৈ কাম কৰি আছে। অানহাতে ৰূপজ্যোতি কুৰ্মীয়ে ৰঙাপৰাত কংগ্ৰেছ ইন অাৰু বিজেপি অাউট বুলি কোৱা সম্পৰ্কত পল্লৱলোচন দাসে কয় ৰূপজ্যোতিৰ নিজৰ মৰিয়নী সমষ্টিতে অৱস্থা থৰক বৰক । নিজৰ সমষ্টিৰ ৰাস্তা এটা বনাব লাগিলেও, বিদ্যুত লাগিলেও আৰু অনুদান লাগিলেও আমাকে ক'ব লাগে ।

মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ককায়েকেও বিজেপিৰপৰা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিছে, আনকি ৰূপজ্যোতিয়েও মনে মনে চাগে বিজেপিকে ভোট দিয়াৰ কথা চিন্তা কৰিছে বুলি কটাক্ষ কৰে মন্ত্ৰী পল্লৱলোচনে।ৰঙাপৰা সমষ্টিত বিজেপিয়ে ১০০ শতাংশ পঞ্চায়ত দখল কৰিব বুলি দাবী কৰিছে সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পল্লৱলোচন দাসে।উল্লেখযোগ্য যে, আজি বালিপৰাৰ লগতে ৰঙাপৰা, ফুলবাৰী আদি কেইবাঠাইতো বিজেপিয়ে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত বাইক ৰেলী উলিয়ায় ।