দেৰগাঁওঃ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক যোৱা ৯ দিন ধৰি আৰক্ষীয়ে শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় গোলাঘাট জিলাৰ দেৰগাঁৱত৷ ৮ মাৰ্চত ঘৰৰ পৰা ওলাই গৈ আজিও উভতি নহাত ছাত্ৰজনৰ পৰিয়ালে চকুলো টুকি দিন পাৰ কৰিছে৷ 

গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মিছামৰা চাহ বাগিচাৰ পুৰণা লাইনৰ বিজয় ঘাটোৱাৰৰ পুত্র ৰাজু ঘাটোৱাৰ (১০) নামৰ ছাত্রজন যোৱা ৮ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে৷

ড়াৰ ফলত পৰিয়ালটোৱে অচিন চিন্তাত দিন পৰা কৰিছে। জানিব পৰা মতে, চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্রজনে ঘৰৰ পৰা ওলাই গৈ বিগত এসপ্তাহে নিৰুদ্দেশ হৈ আছে। পৰিয়ালটোৱে বিভিন্ন স্থানত সন্ধান অব্যাহত ৰাখিছে যদিও আজিলৈকে কোনো শুংসুত্র উলিয়াব পৰা নাই।

পৰিয়ালৰ লোকে ইতিমধ্যে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। কোনো লোকে সন্ধান পালে ৯৩৬৫১৩২৮৩৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।