♦ মিজোৰামত মুখ্যমন্ত্ৰীৰ দায়িত্বত জোৰমথাংগা

আইজালঃ মিজোৰাম বিধানসভা নিৰ্বাচনত জয় লাভ কৰা মিজো নেচনেল ফ্ৰন্টৰ অধ্যক্ষ জোৰমথাংগাই শনিবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ অঞ্চলিকতাবাদৰ বাহক হিচাপে তেওঁ মিজো ভাষাতে শপত-বাক্য পাঠ কৰে।

জোৰমথাংগাক ৰাজ্যপাল কে ৰাজাশেখৰণে গোপনীয়তাৰ শপত-বাক্য পাঠ কৰেৱায়।

এম এন এফে ৰাজ্যখনত তৃতীয়খন চৰকাৰ গঠন কৰে। এয়াৰ পূৰ্বে ১৯৯৮ আৰু ২০০৩ত দলটোৱে চৰকাৰ গঠন কৰিছিল। 

জোৰমথাংগাৰ উপৰিও তেওঁৰ মন্ত্ৰীসভাৰ আন ১১ জন সদস্যই আজি শপত লয়। 

চল্লিশজনীয়া বিধানসভাখনত মিজো নেচনেল ফ্ৰন্টে মুঠ ২৬ খন আসন লাভ কৰাৰ পাছত নৱ-নিৰ্বাচিত বিধায়কসকলে জোৰমথাংগাক বিধায়িনী দলৰ মুখ্য নেতা হিচাপে নিৰ্বাচিত কৰে৷

মুখ্যমন্ত্ৰী জোৰমথাংগাই ভাৰতীয় জনতা পাৰ্টীৰ একমাত্ৰ বিধায়ক বুদ্ধধন চাকমাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে অস্বীকাৰ কৰে যদিও তেওঁৰ দল  এন ডি এ আৰু 'নেডা'ৰ লগত আছে বুলি স্পষ্ট কৰি দিয়ে।

যোৱা বিধানসভাত কংগ্ৰেছে ৩৪ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল যদিও এইবাৰৰ নিৰ্বাচনত দলটোৱে মাত্ৰ ৫ খন আসনহে লাভ কৰি বেয়াকৈ মুখথেকেচা খালে।