গোৱালপাৰাঃ গোৱালপাৰা জিলাত তিনিজনকৈ লোকৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছৰে পৰা কৰ'নাতংকই বিৰাজ কৰি থকাৰ সময়ত কৰ'নাত আক্ৰান্ত হোৱাৰ সন্দেহত কোৱাৰেণ্টাইন কৰা হৈছে ৩৭ নং পূৱ গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰশ্বিদ আলমক। যোৱা ৩ এপ্ৰিলত নিশা  নিজ বাসভৱনত কোৱাৰেণ্টাইন কৰা হয় বিধায়কগৰাকীক। জানিব পৰা মতে ১৬ মাৰ্চত দিল্লীৰ পৰা উভতি আহি সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিছিল বিধায়কগৰাকীয়ে। 

যোৱা ৩ এপ্ৰিলত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক'ৰনাক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ লৈ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু আন বিষয়াবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকতো ভাগ লৈছিল বিধায়কগৰাকীয়ে। বৈঠকখনত ৩৮ নং পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও অংশগ্ৰহণ কৰিছিল।   

এই খবৰ লাভ কৰাৰ পিছতে দিল্লীৰ পৰা উভতি আহি নিজকে হোম কোৱাৰেন্টাইন নকৰি সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে গোৱালপাৰা জিলা ছাত্ৰ মুক্তিয়ে। ছাত্ৰ সংগঠনটোৰ জিলা সভাপতি আমিনুল হকে প্ৰতিক্ৰিয়া প্ৰকাশ কয় যে দিল্লীত কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে এগৰাকী বিধায়ক হৈয়ো তাৰ পৰা যোৱা  ১৬ মাৰ্চতে উভতি আহি স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগৰ লগত কোনোধৰণৰ যোগাযোগ নকৰাতো দুৰ্ভাগ্যজনক। 

মোবাইল নেটৱৰ্কৰ জৰিয়তে অৱগত হৈ বিধায়কগৰাকীক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোৱাৰাইণ্টাইন কৰিবলৈ পৰামৰ্শ আগবঢ়াবলগীয়া হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে। এগৰাকী জনপ্ৰতিনিধিৰ এনে দায়িত্বহীন কাণ্ড মুঠেই শোভা নাপায় বুলি উল্লেখ কৰি বিধায়কগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে ছাত্ৰনেতা হকে।

ছাত্ৰ নেতাগৰাকীয়ে আৰু কয়, 'তেওঁ এগৰাকী বিধায়ক। গতিকে দিল্লীৰ পৰা উভতি আহি নিজেই স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰাইণ্টাইন হৈ থাকিব লাগিছিল। কিন্তু তাকেই নকৰি সমষ্টিত সভা-সমিতি, আধাৰশিলা স্থাপন কৰি ঘূৰি ফুৰিলে। এতিয়া স্বাস্থ্য বিভাগে কোৱাৰ পিছতহে তেওঁ কোৱাৰেণ্টাইন হৈছে। গতিকে গোৱালপাৰাবাসীয়ে এতিয়া নিজেই সতৰ্ক হ’ব লাগিব। সতৰ্কতাইহে আমাক ৰক্ষা কৰিব পাৰিব।’

ইফালে,  NNO তৰফৰ পৰা বিধায়কগৰাকীৰ ফোন নম্বৰত কেবাবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰা হয় যদিও বাতৰি যুগুতোৱালৈকে সেয়া সম্ভৱ হৈ উঠা নাই। তাৎপৰ্যপূৰ্ণ যে কিছমতপুৰ নামৰ যি ঠাইত বিধায়কজন কোৱাৰেণ্টাইন হৈ আছে সেই ঠাইৰে এজন লোকৰ দেহত ইতিমধ্যে কৰ'না পজিটিভ ধৰা পৰিছে। এনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ জিলাখনতে কৰ'নাক লৈ সৰ্বসাধাৰণৰ মাজত উদ্বিগ্নতা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।