গুৱাহাটীঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে মঙলবাৰে গোচৰ তৰে জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকাই। মহানগৰীৰ দিছপুৰ থানাত গোচৰ তৰে বিধায়কগৰাকীয়ে। 

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকা কালত বিভিন্ন কেলেংকাৰীৰ পৰা ৰক্ষণা-বেক্ষণ দিয়া বুলি দুদিন পূৰ্বে মন্তব্য প্ৰকাশ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ তাৰ পিছতেই ৰাজহুৱা মন্তব্যৰ কৰাৰ বাবে গগৈৰ বিৰুদ্ধে গোচৰ তৰে বিধায়ক পীয়ুষে। 

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন কেলেংকাৰীৰ সৈতে জড়িত হৈ থকা বুলি জনাৰ পিছতো ৰক্ষণাবেক্ষণ দিয়াৰ কথা উল্লেখ কৰে। চৰকাৰৰৰ মুখ্য পদবীত দুৰ্নীতিকাৰীক ৰক্ষণাবেক্ষণ দি গগৈয়ে দেশৰ সংবিধান আৰু আইন উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক পীয়ুষে৷ 

অপৰাধমূলক অভিসন্ধিত তৰুণ গগৈ জড়িত থকা বুলি গোচৰ তৰি উচিত তদন্তৰ দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। উল্লেখ যোগ্য যে, পূৰ্বে বিধায়ক পিয়ুষ হাজৰিকা, বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলত আছিল যদিও ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত মোডী বতাহে দেশৰ ৰাজনৈতিক পৰিস্থিতি সলনি কৰাৰ লগে লগে বিজেপিত যোগদান কৰিছিল৷