কোকৰাঝাৰঃ ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এমজিএনৰেগা কৰ্মচাৰী সকলক লৈ কৰা টুলুঙা মন্তব্যৰ প্ৰতিবাদ জনাই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো এমজিএনৰেগা কৰ্মচাৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

সদৌ অসম এমজিএনৰেগা কৰ্মচাৰী উন্নয়ন পৰিষদৰ কোকোৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা কোকৰাঝাৰ প্ৰকল্প সঞ্চালক কাৰ্যালয়ৰ চৌহদত ৰূপায়িত হোৱা উক্ত ধৰ্মঘট কাৰ্যসূচীত প্ৰায় শতাধিক এমজিএনৰেগা কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰায় দুই ঘণ্টা ধৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত এমজিএনৰেগা কৰ্মচাৰী সকলে সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্তিত হয় ৷ তাতে কিছু সময় ধৰ্ণা দিয়াৰ পিছত কৰ্মচাৰী উন্নয়ন পৰিষদৰ নেতৃবৃন্দই জিলা উপায়ুক্তৰ জৰিয়তে কেইবা দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

স্মাৰকপত্ৰৰ জৰিয়তে কৰ্মচাৰী উন্নয়ন পৰিষদে পুৰকায়স্থ কমিটীৰ প্ৰতিবেদন অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিবলগীয়া পদ সমূহত পৰিষদৰ কৰ্মচাৰীক অৰ্হতা আৰু অভিজ্ঞতাৰ ভিত্তিত বিনাচৰ্তে স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰা আদিকে ধৰি এমজিএনৰেগা কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ দাবী জনায় ৷