ডিজিটেল ডেস্কঃ ম'বাইল গেমত মগ্ন হৈ থাকোতে দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। কিন্তু এনে ম'বাইল গেম থকা বুলি আপুনি বিশ্বাস কৰিবনে যিয়ে আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰে। তেনেই এক ম'বাইল গেমৰ কথা শেহতীয়াকৈ চৰ্চালৈ আহিছে ৰাছিয়াত। 

আমোদৰ এক অন্যতম আহিলা হিচাবে পৰিগণিত হোৱা ম’বাইল গেমেই আপোনাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। ৰাছিয়াত 'ব্লু হোৱেল’ খেলৰ বাবে এতিয়ালৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ১৩০ জন ব্যাক্তিয়ে৷ মেট্ৰ’ নামৰ ৱেবচাইটটোত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য৷ 

ৱেৱচাইটোত প্ৰকাশ কৰা অনুসৰি উক্ত ম’বাইল গেমটো খেলাৰ সময়ত খেলুৱৈ বিশেষকৈ শিশু আৰু কিশোৰসকল বিষাদগ্ৰস্তাত ভুগে আৰু ইয়াৰ ফলতেই আত্মহত্যাৰ ঘটনা সংঘটিত হয়৷ 

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ চাহিদা থকা এই গেমটোৰ আৰম্ভণিতে এগৰাকী 'মাষ্টাৰ’ থাকে৷ আৰু এই মাষ্টাৰগৰাকীয়ে ৫০ দিনলৈ ইউজাৰসকলক নিয়ন্ত্ৰণত ৰাখে৷ 

এই গেমটোত এনে কেইবাটাও ভাগ থাকে যিকেইটাই ইউজাৰসকলক ক্ষতি কৰাৰ সম্পুৰ্ণ সম্ভাৱনা থাকে৷ এনে কেইটামান ভাগ হৈছে কেইবাদিনলৈ ভয়ানক চলচিত্ৰ চোৱা, ৰাতি দেৰিলৈ সাৰে থকা ইত্যাদি৷ 

চ’ছিয়েল মিডিয়াত খেলা এই গেম সম্পুৰ্ণ ৫০ দিনৰ পিছতহে অন্ত পৰে৷ উল্লেখযোগ্য যে বিগত বৰ্ষত 'প’কেমন গ’ গেমটোৰ বাবে বহুলোক দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু কেইবাজনো লোক মৃত্যুমুখত পৰিছিল৷