জম্মুঃ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে জম্মু আৰু কাশ্মীৰত প্ৰায় ৫ মাহৰ অন্তত মুকলি কৰি দিয়া হৈছে প্ৰিপেইড মোবাইল সংযোগৰ ভইচ কল আৰু এছএমএছ সেৱা। যোৱা আগষ্ট মাহত কেন্দ্ৰীয় শাসিত অঞ্চললৈ অৱনমিত কৰা হোৱা ৰাজ্যখনৰ প্ৰশাসনে সদৰী কৰা মতে কাশ্মীৰ উপত্যকাত দুখন জিলাত এই সেৱা পুনৰ আৰম্ভ কৰা হৈছে।

জম্মুত আয়োজিত এক সংবাদমেলত শীৰ্ষ বিষয়া ৰোহিত কাঞ্চালে জনোৱা মতে কিছু বাধ্য-বাধকতাৰ মাজেৰে কাশ্মীৰ উপত্যকাৰ বন্দিপৰা আৰু কুপৱাৰা জিলাত আৰু জম্মুৰ আন ১০খন জিলাত পোষ্টপেইড ছিম কাৰ্ডত ২জি ইণ্টাৰনেট সেৱা পুনৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

তেওঁ জনোৱা মতে, উক্ত ছিম কাৰ্ডসমূহত ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে টেলিকম প্ৰতিষ্ঠানসমূহকক গ্ৰাহকৰ পৰা কেতবোৰ বিশেষ তথ্য বিচৰাৰ লগতে সেয়া পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে উল্লিখিত জিলাসমূহত ইণ্টাৰনেট ছাৰ্ভিছ প্ৰভাইডাৰসকলক ফিক্সড লাইন ইণ্টাৰনেট সংযোগ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে।

উল্লেখ্য যে যোৱা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত যোৱা ৫ আগষ্টত কেন্দ্ৰ চৰকাৰে জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল মোবাইল আৰু ইণ্টাৰনেট সেৱা। ইয়াৰ পিছতে ৰাজ্যখনক দুভাগ কৰি পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা উঠাই দুখন সুকীয়া কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়। 

৩৭০ ধাৰা প্ৰত্যাহাৰৰ গইনা লৈ কেবাবাহো ধৰি ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰি ৰখা কেন্দ্ৰ চৰকাৰৰ উক্ত কাৰ্য দেশৰ লগতে বিদেশতো তীব্ৰভাৱে সমালোচিত হয়। এনে পৰিপ্ৰেক্ষিত যোৱা ১ জানুৱাৰীত কেন্দ্ৰই ৰাজ্যখনত মোবাইল আৰু ইণ্টাৰনেট সেৱা মুকলি কৰি দিব বুলি ঘোষণা কৰিছিল যদিও সেই সেৱা কেৱল বিএছএনএল গ্ৰাহকসকলৰ বাবেহে মুকলি কৰাক লৈ সূত্ৰপাত হয় আন এক বিতৰ্কৰ।

এনেদৰে চৰকাৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি ৫ মাহৰ বাবে ফোন আৰু ইণ্টাৰনেট সেৱা বন্ধ ৰখাত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে কাশ্মীৰৰ জন-জীৱন। অৱশেষত বিষয়টোক লৈ সৰ্বোচ্চ ন্যায়ালয়েও তীব্ৰ ভৎৰ্সনা কৰে কেন্দ্ৰক। উক্ত ভৎৰ্সনাৰ পিছতে আজি হাতত লোৱা এই পদক্ষেপে কাশ্মীৰি জনগণক সামান্যকৈ হ’লেও সকাহ প্ৰদান কৰিব বুলি ভবা হৈছে।