গুৱাহাটীঃ মহানগৰীৰ মাজ মজিয়াৰ বেলতলাৰ পৰা ৫ লাখ টকা লুটি নিয়াৰ ৩০ ঘন্টা পাৰ নৌহওতেই এইবাৰ আক্ৰমণৰ সন্মুখীন হ’ল এগৰাকী মডেল৷ আগশাৰীৰ মডেলিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা মডেলক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে মহানগৰীৰ মাজমজিয়াত৷ জানিব পৰা মতে, ভঙা ঘৰৰ মিজোৰাম হাউচৰ সমীপত এই আক্ৰমণ সংঘটিত হয়৷

প্ৰায় বিশগৰাকী উদণ্ড লোকে মডেলগৰাকীক আক্ৰমণ কৰে৷ মডেল তথা খেলুৱৈই কৃষ্টি দাসকে নহয় তেওৰ পিতৃ পৰিমল দাসকো লোৰ ৰদেৰে বেয়াকৈ প্ৰহাৰ কৰে৷ দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত লেবেজান হৈ পৰে মডেল কৃষ্টি আৰু পিতৃ পৰিমল৷ দুৰ্বৃত্তৰ দলটোৱে মাটি বেদখল কৰিব অহা বুলি অভিযোগ উত্থাপিত হয়৷

আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীতে নাগৰিকৰ জীৱন-সম্পত্তী সুৰক্ষিত নহয়৷ মন্ত্ৰী-বিধায়ক, আমোলা বিষয়াৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, উদ্যোগপতি মহানগৰীতে বসবাস কৰে৷ তথাপিও যেন দুৰ্বৃত্তই যেতিয়াই যি ইচ্ছা তাকেই কৰিব পাৰে৷ মহানগৰীত পথৰ দাতিৰ ৰখাই থোৱা বাহনৰ পৰা ৫ লাথ টকা লৈ উথাও হোৱা ঘটনাৰ পিছতে এগৰাকী মডেলৰ পৰিয়ালক আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷