ডিজিটেল ডেস্কঃ লোৰ দেৱালখনৰ সিপাৰে থকা প্ৰতিজনৰ চকুবোৰ জ্বলি উঠিছে। পৈশাচিক লোভ আৰু আক্ষেপ দুয়োটাই দেখা গৈছে কয়দীসকলৰ চকুৱে-মুখে। 

কিন্তু লোভ কিয়? কাৰণ থানাত নগ্ন হৈ থিয় হৈছে ছুপাৰ মডেল। আৰু আক্ষেপ? কাৰণ হাতেৰ চুব পৰা নাই। এনে এক চাঞ্চল্যকৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে সমগ্ৰ বিশ্বতে।

নাইটক্লাৱত সুৰাপান কৰি উদ্ভণ্ডালি কৰিছিল কলম্বিয়াৰ মডেল কেথেৰিন মাৰ্টিনেজে। ওচৰ-চুবুৰীয়াই অভিযোগ দিয়াত আৰক্ষী উপস্থিত হৈ আটক কৰি থানালৈ লৈ যায় মডেলগৰাকীক।

থানাত বহিবলৈ নিদি কাৰাগাৰৰ দেৱালৰ কাষতে হাতকেৰেয়া লগাই থিয় হৈ থাকিবলৈ দিয়া হয়। বহুসময় ধৰি তেনেকৈ থিয় হৈ থকাৰ পিচত বহিবলৈ চকী বিচাৰে ২৭ বৰ্ষীয় কেথেৰিনে।

♦ CLICK HERE ♦ SBIৰ আকৌ নতুন নিয়ম, সুতৰ হাৰ হ্ৰাস

ইয়াৰ পিছতে কলম্বিয়াৰ কেলি থানাৰ কৰ্তব্যৰত আৰক্ষী বিষয়াকেইজনে কেথেৰিনক কয় যে চকী পাবলৈ হ’লে কাপোৰ খুলি নাচিব লাগিব। নিচাগ্ৰস্ত অৱস্থাত থকা কেথেৰিনৰ সম্পূৰ্ণ ঘটনা মনত নাই।

সংবাদ মাধ্যমক তেওঁ জনায়, 'আৰক্ষীয়ে মোক নগ্ন হ’বলৈ কৈছিল। কৈছিল যে সিঁহতে মোক চাব বিচাৰে। সকলোৰে সমুখতে কাপোৰ খুলি নাচিবলৈ কৈছিল। তেনে কৰিলে মোক লগে লগে এৰি দিব বুলিও জনাইছিল।’ ইয়াৰ পিছত কি হৈছিল সেয়া মনত নাই বুলি জনাইছে কেথেৰিনে। 

♦ CLICK HERE ♦ মাৰ্চত বন্ধ হ'ব ৰন্ধন গেছৰ ৰাজসাহায্য

কিন্তু ইয়াৰ পিছত কি হৈছিল সেয়া বন্দী হৈ ৰৈছিল এজন অসৎ আৰক্ষী বিষয়াৰ মোবাইলত। সকলোৰে সমুখতে আৰক্ষী কেইজনে বলপূৰ্বক নগ্ন হৈ নাচিবলৈ বাধ্য কৰিছিল কেথেৰিনক।

♦ CLICK HERE ♦ নিজ কন্যা ধৰ্ষণকাৰী স্বামীক হত্যা মহিলাৰ

কাৰাগাৰৰ দেৱালৰ সিপাৰৰ পৰা বন্দীসকলে চিঞৰিছিল, 'মজা, খুলি দিয়া সকলো। মজা লাগিছে।’ ভাইৰেল হৈ পৰা ভিডিঅ’টোত হাতকেৰেয়া লগাই থকা অৱস্থাতে কাপোৰ খুলি নৃত্য কৰা দেখা গৈছিল কেথৰিনক।

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে কলম্বিয়াৰ আৰক্ষীৰ বিৰুদ্ধে বিশ্বজুৰি আৰম্ভ হৈছে সমালোচনা। আমেৰিকাৰ সংবাদ মাধ্যমে কলম্বিয়াৰ আৰক্ষীৰ এনে কাৰ্যক বৰ্বৰ আখ্যা দিছে।

একেদৰে দেশখনৰ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই উক্ত ঘটনাক লৈ আক্ষেপ প্ৰকাশ কৰি দোষী আৰক্ষী বিষয়াকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমক সদৰী কৰিছে।

ঘটনাটোক লৈ উত্তাল হৈ পৰিছে কলম্বিয়াৰ সংবাদ মাধ্যম। ইফালে দোষী আৰক্ষী বিষয়াকেইজনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব বুলিও জনাইছে এটি সন্তানৰ মাতৃ মডেলগৰাকীয়ে।