নতুন দিল্লীঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ মঙলবাৰে এক ঐতিহাসিক সিদ্ধান্তৰ কথা সদৰী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰ’নাক লৈ দ্বিতীয়বাৰৰ বাবে দেশবাসীক সম্বোধন কৰি মোদীয়ে আজি ৩০ ৰাজ্যৰ পিছত সমগ্ৰ ভাৰততে আজি নিশা ১২ বজাৰ পৰা লকডাউন ঘোষণা কৰে। কেৱল ইমানেই নহয়, এই লকডাউন চলিব সম্পূৰ্ণ ২১ দিন। 

ইয়াক লকডাউনৰ পৰিৱৰ্তে সৰ্বসাধাৰণে বুজি পোৱাকৈ কাৰ্ফিউ জাৰি কৰাৰ দৰে কঠোৰ পদক্ষেপ বুলিও জনাইছে মোদীয়ে। এই ২১ দিনত সমগ্ৰ দেশবাসীক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 'এই ২১ দিনত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ কথা পাহৰি পেলাওক। এই কথাটো মই নৰেন্দ্ৰ মোদী হিচাপে কোৱা নাই, আপোনাৰ পৰিয়ালৰ এজন সদস্য হিচাপে অনুৰোধ জনাইছো।’-এই সময়ছোৱাত বাহিৰলৈ ওলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাই এইদৰে কয় মোদীয়ে।

তেওঁ আৰু কয়, 'কোনোৱে দায়িত্বজ্ঞানহীনৰ দৰে বেপেৰোৱা কাম কৰিলে এই দেশৰ পৰিণাম ভয়াৱহ হৈ পৰিব। কিয়নো Social Distancing কেৱল কৰ’না আক্ৰান্তসকলৰ কাৰণেই নহয়, এয়া প্ৰতিজন লোকৰ বাবে। আনকি প্ৰধানমন্ত্ৰীৰ বাবেও। কৰ’না এনেদৰে দ্ৰুতগতিত বিয়পি পৰে যে সকলো ব্যৱস্থা কৰিও বহু দেশে ইয়াক ৰোধ কৰিব পৰা নাই। আমি নোৱাৰিলে তাৰ পৰিণাম অতি ভয়াৱহ হৈ পৰিব।’

উল্ল্যেখ্য যে, কৰ’নাক ৰোধ কৰাৰ লক্ষ্যৰে দেশৰ কেবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দৰেকৈ অসমতো আজি সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰিছিল। ইয়াৰ মাজতে আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰি প্ৰদান কৰা ভাষণত এই লকডাউন সমগ্ৰ দেশতে ২১ দিনলৈকে অব্যাহত থকাৰ কথা সদৰী কৰে প্ৰধানমন্ত্ৰীয়ে।

মঙলবাৰে পুৱাই এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে জনাইছিল যে নিশা ৮ বজাত দেশবাসীক উদ্দেশ্যি কৰ’না প্ৰসংগক লৈ তেওঁ ভাষণ প্ৰদান কৰিব। পুৱাৰ ঘোষণা অনুযায়ী নিশা ঠিক ৮ বজাৰ লগে লগে ভাষণ আৰম্ভ কৰে মোদীয়ে। যোৱা ৫ দিনত কৰ’নাক লৈ এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো ভাষণ। ইয়াৰ পূৰ্বৰ ভাষণত মোদীয়ে জনতা কাৰ্ফিউৰ কথা ঘোষণা কৰিছিল। আজিৰ ভাষণত সেই আহ্বান ৰক্ষা কৰাৰ বাবে তেওঁ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে আৰু ২১ দিনৰ লকডাউনো আখৰে আখৰে পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

অন্ধবিশ্বাস, উৰাবাতৰিক প্ৰশ্ৰয় নিদিবলৈ আহ্বান

আজিৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’নাত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে দেশৰ স্বাস্থ্যখণ্ডক অধিক শক্তিশালী কৰি তুলিবলৈ ১৫ হাজাৰ কোটি টকা ব্যয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও সদৰী কৰে। ইয়াৰ লগতে এই ৩ সপ্তাহত দেশত অত্যাৱশ্যাকীয় সামগ্ৰীৰ কোনোধৰণৰ নাটনি হ’বলৈ নিদিয়াৰো আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কৰ’না বিৰুদ্ধে আৰম্ভ কৰা যুঁজখন যাতে কোনো কাৰণতে ব্যৰ্থ নহয় তাৰ বাবে দেশবাসীক অন্ধবিশ্বাস, উৰাবাতৰি আদিত ভোল নাযাবলৈ আৰু বিশ্বাস নকৰিবলৈকো আহ্বান জনায় মোদীয়ে। 'এই সময়ত হাজাৰ বিজাৰ উৰাবাতৰি বিয়পিব পাৰে। এনে উৰাবাতৰি আৰু অন্ধবিশ্বাসত আপোনালোকে বিশ্বাস নকৰিব।’-মোদীয়ে কয়।