• নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনোৱা বি জে পিৰ ৰাজনৈতিক নেতাই অধিৱেশনখনত অংশগ্ৰহণ কৰিলে তীব্ৰ প্ৰতিবাদ জনাব ৭০ টা জনগোষ্ঠীয় সংগঠনে
  • যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভা 
  • বি জে পিৰ মন্ত্ৰী-বিধায়কক অধিৱেশনলৈ নিমন্ত্ৰণ নকৰিবলৈ আহ্বান ৭০ জনগোষ্ঠীয় সংগঠনৰ 

মৰিগাঁওঃ  অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশনখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ  অংশগ্ৰহণক লৈ সৃষ্টি হৈ থকা অনিশ্চয়তাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিৱেশনখনিত অংশগ্ৰহণ কৰিব বুলি আজি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও আদৰণি সমিতি কিম্বা জিলা প্ৰশাসনে  এতিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অংশগ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰা নাই যদিও অধিৱেশনখনত দিনে-নিশাই হেলিপেডৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ পৰিছে আদৰণি সমিতি। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাতৰি প্ৰচাৰ হৈ পৰাৰ লগে লগে জাতীয় দল সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হৈ থকা তীব্ৰ প্ৰতিবাদৰ মাজতেই প্ৰধানমন্ত্ৰী আগমনে জ্বলা জুইত ঘিঁ ঢালিব বুলি প্ৰকাশ কৰিছে। 

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৭০ টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই আজি মৰিগাঁও নগৰত এক গুৰুত্ব পূৰ্ণ সভাত মিলিত হয়। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত চন্দ্ৰ পাচনি,সম্পাদক ৰন্টুমনি ডেকা,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰমেন শইকীয়া,খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সম্পাদক সুৰেছ দাস,আমছুৰ সাংগঠনিক সম্পাদক দিলোৱাৰ হুছেইনকে আদি কৰি প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰা সভাখনত জাতিধ্বংসী কাৰ্যত লিপ্ত থকা ভাৰতৰ প্ৰধান মন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলৰ মন্ত্ৰী নেতাক মৰিগাঁৱত অনুষ্ঠিত হব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ আমন্ত্ৰণ জনোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

অসমীয়া জাতীয় জীৱনৰ চৰম সংকটৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰজা ঘৰৰ পৰিবৰ্তে প্ৰজা ঘৰৰ লগত থাকি অসমীয়া জাতিৰ সুৰক্ষিত  ভৱিষ্যতৰ স্বাৰ্থত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিলৰ বাবে সজোৰে মাত মতাৰ লগতে অধিবেশনলৈ এই ৰাজনৈতিক নেতা সকলক আমন্ত্ৰণ জনোৱা কাৰ্য বাতিলৰ বাবে আহ্বান জনোৱ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি অধিৱেশনত ভাৰতৰ প্ৰধান মন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলৰ নেতা উপস্থিত থাকিলে অধিবেশনত সহযোগীতা কৰা পৰিবৰ্তে অধিবেশনৰ কেইদিন যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী লবলৈ সিদ্ধান্ত গ্ৰহণ কৰা ঘটনাই মৰিগাঁৱত পৰিবেশ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা সম্ভাৱনাই বিৰাজ কৰিছে।