ডিজিটেল ডেস্কঃ কৃষকৰ আয়কলৈ পুনৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ শণিবাৰে দেশৰ ৰাজধানীত অনুষ্ঠিত ‘কৃষি উন্নতি মেলা’ত অংশগ্ৰহণ কৰাৰ পূৰ্বে মোডীয়ে টুইটত কয়, ২০২২ চনৰ ভিতৰত কৃষকৰ আয়ৰ পৰিমাণ দুগুণ কৰা হ’ব৷ 

লগতে মোডীয়ে কয়, আমাৰ চৰকাৰৰ উদ্দেশ্যই হৈছে কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰাৰ প্ৰতি কৃষকসকলক জাগ্ৰত কৰি তোলা৷ ইয়াৰ জৰিয়তেই কৃষকৰ আয় বৃদ্ধি কৰিব পৰা যাব৷ 

মোডীয়ে লগতে জানিবলৈ দিয়ে, শনিবাৰৰ কাৰ্যসূচীত ‘কৃষি কৰ্মণ’ আৰু ‘দীনদয়াল উপাধ্যায় কৃষি বিজ্ঞান স্মাৰক’ বঁটা প্ৰদান কৰা হ’ব৷ তদুপৰি এই কাৰ্যসূচীতে জৈৱিক কৃষিৰ ওপৰত আধাৰিত ৱেব পৰ্টেল মুকলি কৰাৰ লগতে ২৫ টা কৃষি বিজ্ঞানকেন্দ্ৰৰ আধাৰশিলা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি কয়৷ 

ইয়াৰোপৰি নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে মণিপুৰত অনুষ্ঠিত ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সন্মিলনত অংশ গ্ৰহণ কৰি কয়, বৈজ্ঞানিক সকলক সাধাৰণ জনতাৰ বাবে শুদ্ধ পথলৈ অনাটো উচিত৷ বিজ্ঞানক গৱেষণাগাৰৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ অনাটো প্ৰয়োজন বুলি কয় মোডীয়ে৷

উল্লেখ্য যে, কৃষি মন্ত্ৰণালয়ে ফেব্ৰুৱাৰীত আয়োজন কৰা এক সন্মিলনত ২০২২ চনত কৃষি আয় দুগুণ কৰাৰ উদ্দেশ্যৰে হিতাধিকাৰীৰ সৈতে আলোচনাত মিলিত হৈছিল৷