ফেক্ট চেকিংঃ ভাৰত-চীনৰ সংঘাতৰ খবৰে তোলপাৰ লগাই থকাৰ মাজতে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য লাদাখৰ ৰাজধানী লেহত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লেহত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী মোদীয়ে সেনা, বায়ুসেনা আৰু আইটিবিপিৰ জোৱানসকলৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পিছতে তেওঁ গালৱান উপত্যকাত চীনা সৈন্যৰে হোৱা হতাহতিত আহত হৈ চিকিৎসাধীন হৈ থকা সেনা জোৱানসকলক সাক্ষাৎ কৰিবলৈ স্থানীয় সামৰিক চিকিৎসালয়খনলৈ যায়।

চিকিৎসাধীন আহত সেনাসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়খনত ভৰি থোৱা সময়ৰ এলানি ফটোক লৈ শুকুৰাবাৰৰ সন্ধিয়াৰে পৰা আজি এতিয়ালৈকে ছ’চিয়েল মিডিয়াত দেখা গৈছে ব্যাপক চৰ্চা। টুইটাৰ আৰু ফেচবুকত ভিন্নজনে প্ৰধানমন্ত্ৰী মোদীয়ে গালৱানত আহত হৈ চিকিৎসাধীন হোৱা সেনাসকলৰ স্বাস্থ্যৰ বুজ লোৱা ফটোক লৈ ভিন ভিন দাবী কৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ কংগ্ৰেছ তথা আন বিৰোধী দলসমূহৰ কেবাজনো নেতাই টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীৰ উক্ত ফটোক লৈ সন্দেহ প্ৰকাশ কৰি বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। বিৰোধী নেতাসকলে ফটোসমূহক লৈ এইধৰণে প্ৰশ্ন কৰাৰ পিছতে সেই চৰ্চা সাধাৰণ নেটিজেনসকলৰ মাজতো বিয়পি পৰে। ইয়াৰ পিছতে ফেচবুক-টুইটাৰযোগে অসংখ্যাজনে উক্ত ফটো পোষ্ট কৰি প্ৰশ্ন কৰিবলৈ লয়, 'এয়া কেনেকৈ এখন চিকিৎসালয় হ’ব পাৰে? ইয়াত চিকিৎসালয়ত থকা একোৱেই নাই। ইয়াত স্পিকাৰ আছে, প্ৰজেক্টৰ আছে। এইটো আচলতে কনফাৰেন্স হলহে। ইয়াত ডাক্তৰৰ সলনি ফটোগ্ৰাফাৰ থাকে। সেই ফটোগ্ৰাফাৰে ফটো তুলি ভাল পোৱা মোদীৰ ফটো তুলিছে।’ 

মুহূৰ্ততে এই বিষয়টো অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাকাৰীসকলৰ মাজতো বিয়পি পৰে। অসমৰ নেটিজেনসকলৰো বহুতে মোদীৰ উক্ত ফটোখন চিকিৎসালয়ৰ পৰিৱৰ্তে কোনো কনফাৰেন্স হলৰ ফটো বুলি দাবী কৰা দেখা গৈছে। দুই-এজনে সেনাৰ পৰিৱৰ্তে আন কোনো লোকক বহুৱাই লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ফটোছেছন কৰা বুলিও দাবী কৰিছে। 

কিন্তু এনেধৰণৰ দাবীসমূহ কিমান সত্য? বহুতে দাবী কৰাৰ দৰেকৈ ফটো তোলাৰ প্ৰতি ছখ থকা মোদীয়ে এয়া ফটোছেছন কৰিছে নেকি? নে এয়া কোনো লোকে ফটোশ্বপ কৰা ফটো? নে সঁচাকৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসাধীন আহত সেনাসকলৰ সৈতে দেখা কৰা সময়ৰেই ফটো এয়া? যদি এয়া চিকিৎসালয়ৰে ফটো তেন্তে কিয় ফটোত চিকিৎসালয়ত থকাৰ দৰেকৈ কোনো ধৰণৰ চিকিৎসা সামগ্ৰী নাই?

মোদীয়ে ভৰি থোৱা কনফাৰেন্স হলৰ প্ৰকৃত সত্য কি?

দুদিনীয়া ভ্ৰমণসূচীৰে পূব লাদাখত উপস্থিত হৈ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিখন চিকিৎসালয়ত উপস্থিত হৈ আহত সেনাসকলৰ স্বাস্থ্যৰ বুজ লৈছে সেই একেখন চিকিৎসালয়লৈ ২৩ জুনত সেনাপ্ৰধান এমএম নাৰৱানো গৈছিল। সেনাপ্ৰধান নাৰৱান চিকিৎসালয়খনত উপস্থিত হোৱা ভিডিঅ’ ফুটেজ আৰু ফটোত দেখা পোৱা হোৱা সকলোবোৰেই মোদীৰ ভাইৰেল হৈ পৰা ফটোকেইখনতো আছে।

সেনাপ্ৰধান অকলে যোৱা আৰু পিএম মোদীৰ শুকুৰবাৰৰ ফটোসমূহৰ সাদৃশ্য বিচাৰিলে দেখা যায় যে দুয়োবাৰৰ ফটোতে একে পৰ্দা আছে, একে ফটো ফ্ৰেম আছে আৰু ফটো ফ্ৰেমৰ বাওফালেও আছে একেই ৱাল হুক। দুয়োজনে পৰিদৰ্শন কৰা ফটোত থকা আন এক সাদৃশ্য হৈছে এখন হেলিকপ্তাৰ। সেনাপ্ৰধান নাৰৱানেই পৰিদৰ্শন কৰা সময়ৰ ফটোখনতো দেখাৰ দৰেকৈ মোদীয়ে পৰিদৰ্শন কৰা ফটোখনতো আছে হেলিকপ্তাৰৰ ফটো।

মোদীৰ পৰিদৰ্শন আৰু সেনাপ্ৰধানৰ সুকীয়া সুকীয়া দিনৰ পৰিদৰ্শন কালৰ ফটোৰ মাজত ইয়াৰ উপৰিও আছে আন একাধিক সাদৃশ্য। দুয়োখন ফটোলৈ ভালদৰে মন কৰিলে একেই দুৱাৰ, একেই পাইপিং, একেই পাৱাৰ বৰ্ড আৰু একেই ফটোফ্ৰেম দেখা যায়। কোঠাটোৰ দুটা পৃথক দিশৰ পৰা দুৱাৰ এখনো দেখা যায় আৰু বিছনাৰ ৰঙৰো সম্পূৰ্ণ মিল আছে।

আনহাতে মোদী থকা ফটোখনত দেখা পোৱা হোৱা প্ৰজেক্টৰটো সেনাপ্ৰধান নাৰৱানেই জুন মাহত পৰিদৰ্শন কৰা কালৰ ভিডিঅ’টোত দেখা গৈছে। জুন মাহত কোঠাটোৰ ডেক’ৰেশ্যন যেনেধৰণৰ আছিল ঠিক একেই ডেকৰেশ্যন মোদীৰ পৰিদৰ্শনকালৰ ফটোতো আছে। ইয়াৰ পৰা এয়া স্পষ্ট হয় যে বহুতেই দাবী কৰাৰ দৰেকৈ ফটোছেছনৰ বাবে সুকীয়াকৈ কোঠাটোত কোনো এৰেঞ্জমেণ্ট কৰা হোৱা নাছিল।

সেনাবাহিনীৰ প্ৰেছ বিবৃতি

মোদীয়ে আহত সৈনিকৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা সময়ত তোলা ফটোক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে ভাৰতীয় সেনাবাহিনীয়ে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণৰ জৰিয়তে বিষয়টো সন্দৰ্ভত স্পষ্ট কৰি দিছে। বিবৃতিটোত কোৱা হৈছে যে ছ’চিয়েল মিডিয়াত যিধৰণে একাংশ লোকে প্ৰধানমন্ত্ৰী মোদী আৰু আহত সেনা জোৱানসকলৰ ফটোক লৈ মন্তব্য কৰিছে সেয়া শুদ্ধ নহয়।

'ফটোত দেখা পোৱা হোৱা এই হলটো হৈছে জৰুৰী অৱস্থাত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত পৰিৱৰ্ধন কৰা হাস্পতাল বেড আৰু এয়া চিকিৎসালয় চৌহদৰেই অন্তৰ্গত। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বহু ৱাৰ্ড আইছ’লেশ্যন ৱাৰ্ডলৈ সলনি কৰিবলগীয়া হৈছে। সেয়ে সাধাৰণতে প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা চিকিৎসালয়খনৰ এই অডিঅ’ আৰু ভিডিঅ’ হলটোকেই বৰ্তমান জেনেৰেল ৱাৰ্ডলৈ ৰূপান্তৰিত কৰা হৈছে। গালৱানৰ আহত বীৰ সেনাসকল যাতে কৰ’না ৰোগীৰ সংস্পৰ্শলৈ আহিবলগীয়া নহয় তাৰ বাবে এই কনফাৰেন্স হলত সুকীয়াকৈ চিকিৎসা কৰি থকা হৈছে। এই একেই স্থানতে কেইদিনমান পূৰ্বে সেনাপ্ৰধান এমএম নাৰৱানেও আহত সেনাসকলক সাক্ষাৎ কৰি সাহস যোগাইছে।’-ছ’চিয়েল মিডিয়াত চলা অনাহক বিতৰ্কৰ অৱসান আশা কৰি বিবৃতিটোত এইদৰে উল্লেখ কৰিছে ভাৰতীয় সেনাই।

একেদৰে ফটোকেইখনত চিকিৎসাধীন সেনাজোৱানকেইজন যদি আঘাতপ্ৰাপ্ত আছিল তেন্তে বেণ্ডেজ আদি নোহোৱাকৈ কেনেকৈ সুস্থ লোকৰ দৰে বহি থাকিব পাৰিছে বুলি ভিন্নজনে কৰা প্ৰশ্নক লৈ মন্তব্য কৰিছে মেজৰ নৱদ্বীপ সিঙে। তেওঁ লিখিছে, 'এইসকল সেনা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা নাই। তেওঁলোকৰ আঘাতসমূহ ভাাল হৈ উঠিছে আৰু এতিয়া সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰালৈকে তাত ৰখা হৈছে।’

অৰ্থাৎ ইয়াৰ পৰা এয়া স্পষ্ট যে কংগ্ৰেছ দলৰ লগতে আন বিৰোধী দল তথা মোদীৰ সমালোচকসকলে কালিৰে পৰা শ্বেয়াৰ কৰি থকা প্ৰধানমন্ত্ৰী মোদীৰ লেহৰ ফটোসমূহ ফেক ফটো নহয়। লগতে এয়া চমক সৃষ্টিৰ বাবে কৰা কোনো কৃত্ৰিম ফটোছেছনো নহয়। এয়া প্ৰকৃততেই এখন চিকিৎসালয়ৰেই ফটো আৰু এই চিকিৎসালয়খনেৰই এটা কনফাৰেন্স হলত কৰ’নাৰ বাবে হোৱা ৰোগীৰ ভিৰৰ পৰিপ্ৰেক্ষিতত গালৱানত মজলীয়াভাৱে আঘাতপ্ৰাপ্ত সেনাসকলক চিকিৎসা কৰি থকা হৈছে।