গুৱাহাটীঃ গণশিল্পী মঘাই ওজাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা হৈছে দামামা মহোৎসৱ-২০১৭৷ অহা ১১ মাৰ্চ, শনিবাৰে সন্ধিয়া ৬.০০ বজাত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই মহোসৎৱত পৰিৱেশন কৰা হ'ব ‘ঢোলত চাপৰ মাৰি' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান, য'ত বড়োসকলৰ খাম, মিচিংসকলৰ দুম দুম, তিৱাৰ খ্ৰাম, কাৰ্বিসকলৰ চেং আদি বিভিন্ন জনগোষ্ঠীৰ লোকবাদ্য ঢোল একেলগে বাজি উঠিব৷

‘দামামা' গোষ্ঠীৰ উদ্যোগত আৰু ‘গুৱাহাটী লিটাৰেৰী ফেক্টৰী' তথা ‘বৌদ্ধিক বিচাৰ' ই-আলোচনীৰ সহযোগত আয়োজন কৰিবলৈ লোৱা এই বিশেষ অনুষ্ঠানত অসমৰ বহুকেইগৰাকী প্ৰথিতযশা ঢোলৰ ওজা, লোকবাদ্যৰ সাধক, স্বনামধন্য শিল্পী-সাহিত্যিকে অংশগ্ৰহণ কৰিব৷ অনুষ্ঠান উপলক্ষে কেইবাগৰাকী বিশিষ্ট লেখকৰ লেখাৰে সমৃদ্ধ এখনি স্মাৰক-গ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে৷

উল্লেখ্য যে ‘দামামা' গোষ্ঠীয়ে জন্মলগ্নৰে পৰা অসমৰ ভিন্ন জনগোষ্ঠীৰ মাজত লোকবাদ্যৰূপে পৰিচিত হৈ অহা ঢোলসমূহৰ বিষয়ে নৱ প্ৰজন্মৰ লগতে বিশ্ববাসীৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰি আহিছে।গোলকীকৰণৰ প্ৰভাৱত এই বাদ্যবিধৰ গৰিমা যাতে হেৰাই নাযায়, তাৰ প্ৰতি গুৰুত্ব দি ঢোলৰ চৰ্চা অব্যাহত ৰখা; ঢোল বিষয়ক লিখিত বা কথিত গীত-মাত পুনৰুদ্ধাৰ, গৱেষণা, গ্ৰন্থাদি প্ৰকাশৰো ব্যৱস্থা কৰি আহিছে ব্যতিক্ৰমী সাংস্কৃতিক গোষ্ঠীটোৱে। 

অসমৰ সকলো জনগোষ্ঠীৰ ঢোলৰ ওজা বা পৰিৱেশনকাৰীসকলক একেখন মঞ্চত উপৱিষ্ট কৰাই সমন্বয়ৰ সেঁতু গঢ়ি তোলা; লুপ্তপ্ৰায় ঢোলৰ চেও, মালিতাসমূহ উদ্ধাৰ, লিপিবদ্ধ আৰু সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো একাধিক পদক্ষেপ হাতত লৈ আহিছে দামামাই। 

আন্তৰ্জাতিক প্ৰেক্ষাপটত অসমৰ লোকবাদ্যসমূহক লৈ গৱেষণাৰ দিশ উন্মোচন কৰা; দৃশ্য-শ্ৰাব্য মাধ্যমৰে ঢোলবাদ্যক বিশুদ্ধ আৰু বিস্তৃত ৰূপত উপস্থাপন কৰা; অসমৰ শিক্ষানুষ্ঠানত পৰিৱেশ্য কলা হিচাবে লোকবাদ্য ঢোল বাদনৰ পাঠ অন্তৰ্ভুক্তিকৰণৰো প্ৰয়াস চলাই আহিছে দামামা গোষ্ঠীৰ কৰ্ম-কৰ্তাসকলে। 

এনেধৰণৰ একাধিক ইতিবাচক পদক্ষেপৰ মাজতে মঘাই ওজাক নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে আয়োজন কৰা  এই বিশেষ আৰু ব্যতিক্ৰমী মহোৎসৱত অসমৰ সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনাইছে আয়োজকসকলে।