ডিজিটেল ডেস্কঃ কেতিয়াও অকলশৰীয়াকৈ লগ হোৱাৰ সুযোগ পোৱা নাছিল তেওঁলোকে। সেয়ে শাৰীৰিক সম্পৰ্ক গঢ়ি নুঠিল। হ’লেও এজনে আনজনক অতিশয় ভাল পাইছিল।

ভাৰতৰ অন্তিমগৰাকী ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ স্ত্ৰী এডউইনা মাউণ্টবেটেনৰ সৈতে জৱহাৰলাল নেহৰুৰ সম্পৰ্কক লৈ এই দাবী কৰিছে তেওঁলোকৰ কন্যা পামেলা হিকছ নি মাউণ্টবেটেনে।

লৰ্ড মাউণ্টবেটেন যেতিয়া ভাৰতলৈ ভাইচৰয় হৈ আহিছিল তেতিয়া পামেলাৰ বয়স আছিল ১৭ বছৰ। মাতৃ এডউইনা আৰু প্ৰধানমন্ত্ৰী নেহৰুৰ সম্পৰ্কক নিচেই কাষৰ পৰা উপলব্ধি কৰিছিল তেওঁ। দুয়োজনৰ মাজৰ বন্ধুত্ব, ঘনিষ্ঠতা কিমান আছিল সেয়া পামেলাই নিজৰ এখন গ্ৰন্থত উল্লেখ কৰিছে।

তেওঁ লিখিছে, 'নেহৰুৰ ভাৱনাৰ গভীৰতা, উন্নত চিন্তা আৰু বুদ্ধিমত্তাৰ প্ৰতি আকৃষ্ট হৈছিল মোৰ মা। নেহৰুৰ সান্নিধ্যত মা এচউইনাই সেই বিষয়সমূূহ উপভোগ কৰিছিল।’ 

নেহৰু আৰু মাতৃ এডউইনাৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ খুব উৎসুক আছিল পামেলা। মাক আৰু নেহৰুৰ মাজত আদান-প্ৰদান হোৱা চিঠি পঢ়ি তেওঁ বুজি উঠিছিল যে দুয়োজনে পৰস্পৰে পৰস্পৰক গভীৰভাৱে ভাল পাইছিল আৰু সন্মান কৰিছিল।

পামেলাৰ ভাষাত, 'তেওঁলোকৰ সম্পৰ্কটো কেৱল শাৰীৰিক নে সেয়া জনাৰ খুব ইচ্ছা হৈছিল। কিন্তু চিঠিবোৰ পঢ়ি মই নিশ্চিত হও যে, তেওঁলোকৰ মাজত কোনো শাৰীৰিক সম্পৰ্ক হোৱা নাছিল। তেওঁলোকৰ মাজত গঢ়ি উঠিছল এক আত্মিক বন্ধুত্ব। সেয়া শৰীৰৰ উৰ্ধত আছিল।’

পামেলাই আৰু লিখিছে, 'প্ৰকৃততে মোৰ মা আৰু নেহৰুৱে কোনো দিনেই শাৰীৰিক সম্পৰ্কৰ সুযোগ পোৱা নাছিল। কিয়নো তেওঁলোকক সকলো সময়তে চৰকাৰী ষ্টাফ, পুলিচ আদিয়ে ঘেৰি আছিল। সেয়ে নিবিড়ভাৱে সময় কটোৱাতো সম্ভৱ নাছিল।’

নিজৰ গ্ৰন্থখনত পামেলাই আৰু লিখিছে যে ভাৰত এৰি যোৱাৰ পিছত নেহৰুক এটি পান্নাৰ আঙঠি দিব বিচাৰিছিল এডউইনাই। কিন্তু এডউইনাই জানিছিল যে, নেহৰুৱে সেয়া কোনো কাৰণতে নলয়। সেয়ে নেহৰুৰ কন্যা ইন্দিৰাৰৰ হাতত সেই আঙঠিটো তুলি দি এডউইনাই কৈছিল যে যদিহে কেতিয়াবা কোনো দিনা নেহৰুৰ আৰ্থিক সমস্যা হয়, তেন্তে সেইটো বিক্ৰী কৰিব পাৰিব।

• Source: Times of India •