হোজাই/মোৰাঝাৰঃ চৰকাৰ যাৰেই নহওঁক কিয় লগত আছে ছেবা ৷ আৰু ছেবা মানেই যেন কেৱল বিতৰ্ক।কেতিয়াবা যদি গৰুৱে উত্তৰ বহী ভক্ষণ কৰে, আকৌ কেতিয়াবা জ্বলি ছাঁই হয় প্ৰশ্ন কাকত, কেতিয়াবা আকৌ পৰীক্ষাৰ্থীয়ে নাপায় প্ৰৱেশ পত্ৰ !!! এইবাৰো ব্যতিক্ৰম নহ'ল এনে বেমেজালিৰ।

সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা আছিল যদিও গণিতৰ সলনি আহে অন্য বিষয়ৰ প্ৰশ্ন কাকত। এই ঘটনা হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (কেন্দ্র নং B17-628)। জানিব পৰা মতে কেন্দ্ৰটোত গণিতৰ প্ৰশ্ন কাকত পৰীক্ষাৰ্থীক দিবলৈ লোৱাৰ সময়ত শিক্ষকসকলে টোপোলা খুলি প্ৰত্যক্ষ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত ৷ 

ইয়াকে লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৷ লগে লগে হোজাই জিলাৰ উপায়ুক্ত, ডবকা ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া কেন্দ্ৰটোত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ আনহাতে প্ৰায় ডেৰ ঘন্টা পলমকৈ জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে অইন কেন্দ্ৰৰ পৰা গণিতৰ প্ৰশ্ন কাকত সংগ্ৰহ কৰি আনি জেৰক্স কৰি পৰীক্ষাৰ্থীৰ মাজত প্ৰশ্ন কাকত বিতৰণ কৰি পৰীক্ষা অনুষ্ঠিত কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে।

ছেবাৰ দায়িত্বজ্ঞানহীতাৰ বাবে এনে ঘটনা ৰাজ্যত বাৰে বাৰে সংঘটিত হৈ আহিছে যদিও শিক্ষা মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ  নকৰাত সদৌ অসম ছাত্র সন্থা (আছু)ৰ হোজাই মহকুমা সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰাই আশ্চৰ্য প্ৰকাশ কৰে। এনে কাৰ্যৰ পুনৰাবৃত্তিৰ বাবে শিক্ষা মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰি ছাত্ৰ নেতাজনে মোৰাঝাৰৰ ঘটনাটোৰ তদন্ত বিচৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ এনেদৰে হেতালি খেলাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে।

একেই ভাষ্য এন এছ ইউ আই নগাঁও জিলাৰ  সম্পাদক আইনুল হকৰো। ''মোৰাঝাৰৰ ঘটনাৰ এক উচিত তদন্ত হ'ব লাগে, এনে ঘটনাক আমি গৰিহণা দিছো। নৈতিক দায়িত্ব স্বীকৰা কৰি শিক্ষা মন্ত্ৰীয়ে পদ ত্যাগ কৰা উচিত ৷''-এইদৰে কয় ছাত্ৰ নেতাজনে।

আনহাতে আমছু'ৰ হোজাই জিলাৰ মুখ্য সাংগঠনিক সম্পাদক মামুন ৰছিদ মোৰাঝাৰত উপস্থিত হৈ এই ঘটনাৰ এক উচিত তদন্ত বিচৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যক লৈ হেতালি খেলাত সিদ্ধহস্ত, ব্যৰ্থ  শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী তোলে।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগটোৰ সংস্কাৰৰ কথা কৈ কঠোৰ পদক্ষেপৰে চমক দি অহাৰ সময়তে সংঘটিত এনেবোৰ ঘটনাই শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপৰ লগতে মন্ত্ৰীজনৰ ব্যৰ্থতাকে উদঙাই দিছে বুলিও মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষানুৰাগী মহলে।