মৰিয়নীঃ আজি বহুপ্ৰত্যাশিত পঞ্চায়তৰ নিৰ্বাচন৷ এই পঞ্চায়তৰ নিৰ্বাচনত ভোট দিবলৈ গৈ মৰিয়নীৰ ৫৮৯ নং খৰিকটীয়া তিষাণ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ সৰ্বমুঠ ৬৮৩ জল ভোটাৰৰ ২০০ জন ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাত উত্তেজিত হৈ প্ৰতিবাদমুখৰ হৈ পৰে কেন্দ্ৰতোৰ ভোটাৰ ৰাইজ৷অৱশেষত ক্ষুদ্ধ ভোটাৰ সকলে উক্ত কেন্দ্ৰতোত ভোট বৰ্জনৰ সিদ্ধান্ত লয় আৰু ভোটবৰ্জন কৰে৷
আনহাতে প্ৰিজাইডিং অফিছাৰৰ ভুলৰ বাবে মৰিয়নীৰ চিনাতলী ক্লাৱ ভোটগ্ৰহন কেন্দ্ৰত অচলাবস্থাৰ সৃষ্টি হয় আৰু প্ৰায় এঘণ্টা পলমকৈ আৰম্ভ কৰিব লগীয়া হয় ভোটগ্ৰহন৷ 

মৰিয়নীৰপৰা সপোন ৰহমান শইকীয়া