নগাঁওঃ নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শলগুৰিত চাঞ্চল্যকৰ ঘটনা৷ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহতেই মুছলমানে জ্বলালে মছজিদ। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ কাণ্ড৷ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত চলা দীৰ্ঘদিনীয়া কন্দলৰ পৰিণতিতেই জ্বলি ছাই হৈ গ’ল ইছলাম ধৰ্মী লোকৰ উপাসনা গৃহ৷ 

জানিব পৰা মতে, শলগুৰিৰ জানপাৰ গাঁৱৰ আব্দুল ৰছিদ আৰু ছফিকুল ইছলামৰ পৰিয়ালৰ মাজত বহুদিনৰ পৰা এডোখৰ মাটিৰ সীমাক লৈ সংঘাত অব্যাহত আছিল৷ পৱিত্ৰ ৰমজানৰ ৰোজা পালনৰ সময়তে দেওবাৰে এই সংঘাতে চূড়ান্ত ৰূপ লয়৷ দুয়ো ফৈদে হাতে হাতে দা, লাঠি আদি লৈ যুদ্ধংদেহি হৈ পৰে৷ 

প্ৰথমে দুয়ো ফৈদৰ মাজত কথাৰ কটা-কটি হয় যদিও পিছলৈ হতাহতি পৰ্যায় পায় আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত জপিয়াই পৰি প্ৰচণ্ড মাৰপিটত লিপ্ত হয়৷ ফলত দুয়ো ফৈদৰে মহিলাসহ কেইবাগৰাকী লোক আহত হয়৷ পিছত আহত সকলক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয়৷

ইফালে, এনে সংঘাতৰ ফলত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ মাজতে কোনোৱে কাষতে থকা মছজিদটোত অগ্নি সংযোগ কৰে৷ লগে লগে ঘটনাৰ খবৰ পাই ধিং থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰাৰ লগতে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ 

পৱিত্ৰ ৰমজান মাহত চলি থকা ৰোজাৰ মাজতে এনেদৰে মুছলমানেই উপাসনাস্থলী মছজিদত অগ্নি সংযোগ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে বৰ্তমানও অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰি আছে৷ মাটিৰ সীমাক লৈ হোৱা এনে সংঘাতৰ মাজতে দুই ফৈদৰ কোনে মছজিদ জ্বলোৱাৰ দৰে এনে নিন্দনীয় কাৰ্য সংঘটিত কৰিলে সেয়া তদন্তৰ জৰিয়তে নিশ্চিত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে৷