ডিজিটেল ডেস্কঃ বছৰি কিমান আয় হ’ব পাৰে বাৰু এগৰাকী আঞ্চলিক দলৰ নেতাৰ৷ অসমৰ একমাত্ৰ  আঞ্চলিক দল অগপৰ নেতা সকলৰ উপাৰ্জন জানিবলৈ মন নাযাই নে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অতুল বৰা হঁতৰেই বা মাহিলী উপাৰ্জন কিমান৷

অসমৰ অগপৰ নেতাৰ উপাৰ্জন অৱগত নহলেও তামিলনাডুৰ প্ৰভাৱশালী ডি এম কে দলৰ নেতাৰ উপাৰ্জন শেহতীযাকৈ পোহৰলৈ আহিছে। কেতিয়াবা ভাবিছেনে বছৰি কোটি কোটি টকা উপাৰ্জন কৰে এই সকল নেতাই? কেৱল মাত্ৰ আঞ্চলিক ক্ষেত্ৰত ৰাজনীতি কৰিয়েই বছৰি উপাৰ্জন কৰি আহিছে কোটিৰ ঘৰত৷

তেনে ব্যক্তি বিচাৰি কোনো বিদেশলৈ যোৱাৰ প্ৰযোজন নাই। ভাৰততে পাব তেনে বহু নেতা। আমাৰ দেশৰেই দক্ষিণৰ এগৰাকী আঞ্চলিক দলৰ নেতাৰ বছৰেকত প্ৰায় ৭৭ কোটি টকা উপাৰ্জন কৰে৷ তেওঁ আন কোনো নহয় তামিলনাডুৰ প্ৰভাৱশালী ডি এম কে দলৰ নেতা এম কৰুণানিধি৷ বৰ্তমানেও ক্ষমতা দখল কৰি নাথাকিলেও DMKৰ বার্ষিক আয়ৰ নিৰিখ হিচাপে আঞ্চলিক দলবোৰৰ মাজত শীর্ষত আছে কৰুণানিধি৷

ডেমকক্ৰেতিক ৰিফর্মচ এচোচিয়েচন দ্যা ৱাচডগ-ৰ প্ৰতিবেদন অনুসৰি DMK দলৰ বাৰ্ষিক আয় ৭৭.৬৩ কোটি টকা৷ ইয়াৰ পাছতেই আছে তামিলনাডুৰ শাসক দল AIADMK, বার্ষিক আয় ৫৪.৯৩৮ কোটি টকা৷উল্লেখযোগ্য যে, দেশৰ ৩২ টা আঞ্চলিক দলৰ মুঠ আয়ৰ ৬৭% অকল আমিলনাডুৰ DMK, AIADMK আৰু TDP দলৰ আয়৷ বাকি ৩২% হে অন্য দলৰ৷

আনহাতে এনে কিছু দল আছে যি সকলে দাখিল কৰা নাই তেওঁলেকৰ বাৰ্ষিক উপাৰ্জনৰ তালিকা কিন্তু দপদপাই আছে আঞ্চলিক ৰাজনীতিত৷ তাৰে মাজত আছে এটা অসমৰ দলো৷ সেই সকল হ’ল  সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা পাৰ্টি, জম্মু এণ্ড কাশ্মীৰ নেশ্যনেল কনফ্ৰেন্স আৰু অসমৰ AIUDF আদি৷  আজমলৰ AIUDF এ কিয় দাখিল নকৰিলে তেওঁলোকৰ আয়ৰ হিচাব এতিয়া সেয়াহে লক্ষণীয় হৈ পৰিছে৷