ভূপালঃ মধ্যপ্রদেশ বিজেপিৰ বাবে মোক্ষম আঘাত! ৰাজ্যখনত যোৱা ১৫ বছৰে মুখ্যমন্ত্রী হৈ থকা শিৱৰাজ সিং চৌহানৰ গাড়ী চালকজনেই যোগদান কৰিলে কংগ্রেছত৷ 

নিৰ্বাচনৰ পূৰ্বে এনেদৰে ৰাজ্যখনত প্রতিষ্ঠানবিৰোধী ঢৌ বোৱাত উল্লসিত হৈ পৰিছে বিৰোধী শিবিৰ। এই ঢৌৰ প্ৰভাৱতে মুখ্যমন্ত্রী চৌহানৰ চালক সঞ্জয় সিং মাছানিয়ে যোগদান কৰিলে কংগ্রেছত। ইয়াৰ ফলত গেৰুৱা শিবিৰত ৰাজনৈতিক চাপ আৰু বাঢ়িল।

মধ্যপ্রদেশৰ প্ৰদেশ কংগ্রেছৰ সভাপতি কমল নাথৰ উপস্থিতিত আজি মাছানিয়ে দলটোত যোগদান কৰে। তেওঁ শিৱৰাজ সিং চৌহানেৰ পত্নী সাধনাৰ নিজা ভাতৃ বুলি জানিব পৰা গৈছে।

আসন্ন বিধানসভা নির্বাচনত তেওঁ বিজেপিৰপৰা টিকট বিচাৰিছিল। তেওঁ বালাঘাট জিলাৰ ৱাৰাছেউনিৰপৰা নিৰ্বাচন খেলিব বিছাৰিছিল যদিও সমষ্টিটোত বিজেপিৰ যোগেন্দ্র নির্মলক প্রার্থিত্ব প্ৰদান কৰা হয়।

উল্লেখ্য, মধ্যপ্রদেশ বিধানসভাৰ ২৩০ খন আসনৰ বাবে অহা ২৮ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ফলাফল পোৱা যাব ১১ ডিচেম্বৰত।