ডিজিটেল ডেক্সঃ ভোটাৰক আকৰ্ষণ কৰিবলৈ এইবাৰ ৰাজনৈতিক দলে সহায় ল’ব যাদুকৰৰ৷ মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰকালত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ১৫ বছৰীয়া শাসনকালৰ সফলতাসমূহ জনতাৰ আগত দাঙি ধৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে এক অভিনৱ পন্থা হাতত লৈছে৷ যাদুৱে মানুহৰ মনত সদায় কৌতুহল সৃষ্টি কৰি আহিছে আৰু সেয়ে ই আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ যাদুৰ প্ৰতি থকা মানুহৰ এই দুৰ্বলতাকে ৰাজনৈতিক হাথিয়াৰ কৰিবলৈ গৈ আছে গেৰুৱা দলটোৱে৷ ইয়াৰ বাবে প্ৰস্তুতি সমাপ্ত৷ দেশ-বিদেশৰ যাদুকৰসকলক আমন্ত্ৰণ কৰি ৰাজ্যখনৰ চুকে-কোণে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হ’ব৷ গাঁও আৰু সৰু সৰু চহৰসমূহৰ বজাৰ এলেকাত যাদু প্ৰদৰ্শনীৰ জৰিয়তে মানুহ গোটাই দলীয় সফলতাৰ গুণ-গান গোৱাৰ পৰিকল্পনা দলটোৰ৷  ১৫ বছৰৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখনে কি কি ভাল কাম কৰিলে, এই সকলোবোৰ জনতাৰ আগত দাঙি ধৰা হ’ব৷ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰাজনীশ আগৰৱালে অৱশ্যে কয় যে এই ‘যাদুকৰী’ প্ৰচাৰৰ বাবে কিমান সংখ্যক যাদুকৰক ব্যৱহাৰ কৰা হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই৷ লাহে লাহে জনপ্ৰিয়তা হ্ৰাস পাই অহা শিৱৰাজ সিং চৌহান চৰকাৰখনক যাদুৱে অহা ২৮ নৱেম্বৰৰ ভোটগ্ৰহণত উদ্ধাৰ কৰিব পাৰে নে নোৱাৰে, সেয়া হ’ব লক্ষ্যণীয়৷