ডিব্ৰুগড়ঃ ডিব্ৰুগড়-তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী যুৱকে৷  ব্ৰহ্মপুত্র এথনিক ফেষ্টৰ মেগা মিষ্টাৰ এণ্ড মিছ বহ্মপুত্র অসমৰ সৌন্দৰ্য প্ৰতিযোগিতাত মেগা মিষ্টাৰ খিতাপ অৰ্জন কৰি উজনি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ জাহাজ ঘাটত যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্র এথনিক ফেষ্টৰ মেগা মিষ্টাৰ এণ্ড মিছ বহ্মপুত্র অসমৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজনি অসমৰ তিনিচুকীয়া জিলাৰ ফিল'বাৰী সন্তান মুগ্ধজ্যোতি শইকীয়াই এই খিতাপ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

ব্ৰহ্মপুত্র এথনিক ফেষ্টৰ অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত আছিল মিছন ছাইনাৰ তাৰকা দ্বীপলীনা ডেকা ডেকাই৷ বহ্মপুত্র মিষ্টাৰ শাখাত বহু প্ৰতিযোগিৰ মাজত তিনিচুকীয়া জিলাৰ প্ৰয়াত হেমন্ত শইকীয়া অাৰু উষা শইকীয়াৰ পুত্র মুগ্ধজ্যোতিয়ে উজনি অসমলৈ গৌৱৰ কঢ়িয়াই অানে৷

মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াৰ লগতে উজনিৰ বিভিন্ন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰে মুগ্ধজ্যোতিক৷