গুৱাহাটীঃ আৰএনবি ইভেণ্ট ডট কমৰ উদ্যোগত অহা ১৯ মে’ত গুৱাহাটী মহানগৰীৰ ভাঙাগড়স্থিত হোটেল প্লাজা ইনত ষ্টাৰ বেলেজা প্ৰডাকছনৰ সহযোগত মিষ্টাৰ, মিছ আৰু মিছেছ এছিয়া ২০১৯ নৰ্থ ইষ্টৰ অ’ডিশ্যনৰ আয়োজন কৰা হৈছে৷

ইচ্ছুকসকলে এই প্লেটফৰ্মত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ এটা সোণালী সুযোগ লাভ কৰিব৷ অপেক্ষা কিহৰ? এনে সুযোগ হাতৰপৰা যাবলৈ নিদিব৷ নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ যুৱক-যুৱতী আৰু বিবাহিতা মহিলাসকলেও অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগিতাত৷ 

১৯ মে’ত পুৱা ৯ঃ৩০ বজাৰপৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোৰ পঞ্জীয়ন ঠাইতে একেদিনাই কৰিব পাৰিব৷ অনুষ্ঠানটোত নিৰ্বাচিত হোৱা সকলে পোনপটীয়াকৈ অহা জুন মাহত দক্ষিণ গোৱাৰ বে’ ৱটছ ৰিজৰ্টত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত গ্ৰেণ্ড ফিনালী হিচাপে অংশগ্ৰহণ কৰিব পাৰিব বুলি আৰএনবি ইভেণ্ট ডট কমৰ হৈ ৰিণি ব্ৰহ্ম এক বিজ্ঞপিত যোগে জনাইছে৷

সবিশেষ জানিবৰ বাবে ইচ্ছুকসকলে ৯৩৮৩১৮৬৩১৪ নম্বৰত যোগাযোগ কৰিব পাৰে৷ লগতে ই-মেইল আইডি rnbeventcom@gmail.com মেছেছ কৰিও অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰে৷