মঙলদৈঃ বিদ্যালয়সমূহত অহা এক জুলাইৰ পৰা আৰম্ভ হ'ব গৰমৰ বন্ধ। বহু অভিভাৱকে হয়তো ইতিমধ্যে গৰম বন্ধৰ এমহীয়া কালছোৱাত সন্তানক লৈ ক'লৈ যাব, কি কৰিব তাৰ আগতীয়া পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিছে।

আপুনি সন্তানক লৈ কত যাব, কি কৰিব সেয়া আপোনাৰ নিতান্তই ব্যাক্তিগত বিষয় যদিও গৰম বন্ধৰ সময়ছোৱাত দয়া কৰি আপুনি সন্তানৰ হাতত মোবাইল তুলি নিদিব!!! আপুনি জানিলে আচৰিত হ'ব যে আপোনাৰ সন্তানে ধেমালিতে কৰা ফোনকলৰ বাবেই বেমেজালিৰ সৃষ্টি হৈছে ১০৮ মৃত্যুঞ্জয় সেৱাত। 

শুকুৰবাৰে মঙলদৈৰ য়ুথ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত ১০৮ মৃত্যুঞ্জয় সেৱাৰ আঞ্চলিক প্ৰৱন্ধক কৌশিক শইকীয়াই জানিবলৈ দিয়ে যে দৈনিক ৯০ হাজাৰ ফোনকলৰ ভিতৰত ৬০ শতাংশই ভুৱা ফোনকল। এনদৰে ভুৱা ফোনকল লাভ কৰাৰ পৰিণতিতে উক্ত সেৱাৰ লগত জড়িত ব্যক্তিসকল যথেষ্ট সমস্যাত পৰিছে বুলিও সদৰী কৰে শইকীয়াই।

দৈনিক ৯০হাজাৰ ফোনকল লাভ কৰা ১০৮ মৃত্যুঞ্জয় সেৱাৰ ৫৪ হাজাৰ ফোনকলেই যেতিয়া ভুৱা হয় তেতিয়া জনসাধাৰণক সূচল সেৱা দিবলৈ কেনে কষ্টকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লগা হৈছে সেয়া অনুধাৱন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে ১০৮ মৃত্যুঞ্জয় সেৱাৰ আঞ্চলিক প্ৰৱন্ধকগৰাকীয়ে।

"গৰমৰ বন্ধৰ সময়ছোৱাত চেমনীয়া ল'ৰা-ছোৱালীসকল সাধাৰণতে ঘৰতে থাকে। উক্ত সময়খিনিত তেওঁলোকে অভিভাৱকৰ মোবাইল হস্তগত কৰে। একাংশ অভিভাৱকে নিজেই সন্তানৰ হাতত মোবাইল তুলি দিয়ে।"-কৌশিক শইকীয়াই কয়।

তেওঁ আৰু কয়, "অভিভাৱকৰ এনে অসচেতনতাৰ বাবে হাতত মোবাইল লৈ এনে চেমনীয়াসকলৰ বহুতে ধেমালিতে ১০৮ নম্বৰত ডায়েল কৰি আনন্দ লাভ কৰে। ফলত আমাৰ ১০৮ৰ কৰ্মচাৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।" ভুৱা ফোনকলৰ বাবে প্ৰায়েই অযথা সময় খৰছ হয় বুলিও উল্লেখ কৰে।

এনে পৰিপ্ৰেক্ষিতত অভিভাৱকসকলক সচেতন হ'বলৈ আহ্বান জনাই ১০৮ সেৱাক সূচাৰুৰূপে আগবঢ়াই নিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰে আঞ্চলিক প্ৰৱন্ধকগৰাকীয়ে। শিশু-চেমনীয়াসকলৰ লগতে একাংশ প্ৰাপ্তবয়স্ক লোকেও এনেদৰে ভুৱা কল কৰি ১০৮ সেৱাত বাধা জন্মাই আহিছে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে।