মুম্বাইঃ মুম্বাইৰ অন্ধেৰী ই এছ আই চি কামগাৰ হাস্পতালৰ ভয়ানক অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ক্ৰমাৎ ৮ জনলৈ বৃদ্ধি পায়৷

সোমবাৰে আবেলি সংঘটিত অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হৈ আৰু দুজন লোকে প্ৰাণ ত্যাগ কৰাৰ লগতে ৫ মহীয়া এটা শিশুৰো মৃত্যু হয়৷

আনহাতে, ঘটনাস্থলিত অগ্নি নিৰ্বাপক তিনিজনকৈ কৰ্মী আৰু ১৭৬ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷ এই ভয়াৱহ ঘটনা সোমবাৰে বিয়লি চাৰি বজাত সংঘটিত হৈছিল৷ হাস্পতালৰ পাঁচ নম্বৰ মহলাত জুই লগাৰ পাছত চাৰি নম্বৰ মহলালৈ জুই বিয়পি পৰে৷

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলিত অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ হাস্পতালখনত আৱদ্ধ হৈ পৰা ১৪৭ জন লোকক উদ্ধাৰ কৰে৷ শ্ৰম মন্ত্ৰালয়ে জনোৱাৰ মতে অগ্নিকাণ্ডত নিহতসকল পৰিয়ালক কেন্দ্ৰীয় চৰকাৰে ১০ লাখকৈ টকা ক্ষতিপূৰণ দিব৷

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকক ২ লাখ আৰু সাধাৰণভাৱে আঘাতপ্ৰাপ্তসকলক ১ লাখ টকাকৈ দিয়া হ'ব৷ জানিব পৰা মতে, অগ্নি নিৰ্বাপক বাহিনীৰ তিনিজন কৰ্মী আৰু ২৫ জনতকৈ অধিক লোকক চহৰখনৰ অন্য চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে ২৫ জন লোকক প্ৰাথমিক চিকিৎসা কৰি যাবলৈ দিয়া হয়৷

উল্লেখযোগ্য যে, ঘটনাৰ সন্দৰ্ভত চিকিৎসালয়খনৰ তলৰ মহলাত কাম চলি থকা ঠাইত মজুত থকা সামগ্ৰীৰপৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও সঠিক কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷