মুম্বাইঃ দীপাৱলী পোহৰৰ উৎসৱ৷ কিন্তু পোহৰতকৈ যেন আতচবাজীতহে একাংশই বেছি গুৰুত্ব দিয়ে। ফটকাই কৰা প্ৰদূষণৰ বাবে উচ্চতম ন্যায়ালয়ে সন্ধিয়া ৮ বজাৰপৰা ১০ বজালৈ ফটকা ফুটাবলৈ সময় নিৰ্ধাৰণ কৰি দিছে। 

ইয়াৰ ব্যতিক্ৰম নহ’ল মুম্বাই চহৰত। চহৰখনত মাজনিশাও একাংশ লোকে ফুটোৱালে আতচবাজী। ইয়াৰ পাছতে মুম্বাই আৰক্ষীয়ে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰা দুজন অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰে। 

স্থানীয় আৰ টি আই কৰ্মী চাকিল আহমেদ শেখে যোৱা মঙলবাৰে নিশা দুজন অচিনাকি লোকৰ বিৰুদ্ধে ফটকা ফুটোৱাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ইয়াৰ ভিত্তিতে ধাৰা ১৮৮ৰ অধীনত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে৷