'অৰ্কিড মানৱ’ ডঃ ৰহমত আলি লস্কৰৰ প্ৰসংশনীয় পদক্ষেপত আনন্দিত বিদেশী প্ৰতিনিধি

গুৱাহাটীঃ অসমীয়াৰ অতি মৰমৰ, অতিকে’ আপোন জাপি আৰু গামোচাৰে মহাৰাষ্ট্ৰ চৰকাৰে আদৰণি জনালে বিশ্বৰ ৬১ খন দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চাযুক্তক। শনিবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত আয়োজিত 'World Green Convernge 2018’ৰ বিশেষ কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত এখন বাঁহৰ উদ্যানো মুকৰি কৰা হয়।

অসমীয়া জাপি আৰু গামোচাৰে প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱাত উদ্যোগ লোৱা ডঃ ৰহমত আলি লস্কৰে News Next Oneক মুম্বাইৰপৰা টেলিফোনযোগে কয় যে অসমৰ জাপি আৰু তেজ ৰঙা ফুলৰ গামোচা পাই বিশ্বৰ সকলো প্ৰতিনিধিয়ে অসমৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে আৰু সেই সুযোগ গ্ৰহণ কৰি তেওঁ অসমৰ জৈৱ-বৈচিত্ৰৰপৰা আৰম্ভ কৰি এশিঙিয়া গঁড় আৰু অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ বিষয়ে তেওঁলোকক অবগত কৰে৷

বৰ্ণাঢ্য সংস্কৃতিৰে পূৰ্ণ অসমৰ বিষয়ে জানিবলৈ আমেৰিকা, জাপান, ফ্ৰান্স, ভিয়েটনামকে ধৰি অতি কমেও ২৯ খন দেশৰ উচ্চায়ুক্তই ডঃ লস্কৰক কাৰ্যসূচীৰ মাজতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰি অসম সম্বন্ধে প্ৰশ্ন কৰাৰ লগতে অসমলৈ অহাৰ ইচ্ছা ব্যক্ত কৰে৷ ডঃ লস্কৰকো ৬১ খন দেশৰ প্ৰতিনিধিয়ে তেওঁলোকৰ দেশ ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ কৰে৷ 

অসমৰ প্ৰতি জন্মা তেওঁলোকৰ অনুসন্ধিৎসুৰ বাবেই ডঃ লস্কৰক মঞ্চলৈ মাতি নি বিদেশী প্ৰতিনিধিসকলে অসমৰ বিষয়ে জানি লয়। যি সময়ত অসমৰ পৰ্যটন আৰু সংস্কৃতি কোটিটকীয়া ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই কৰিব লাগিছিল, সেয়া প্ৰকৃতিপ্ৰেমী ডঃ লস্কৰে কৰিবলগীয়া হোৱাটো ৰাজ্যখনৰ পৰ্যটন বিভাগৰ বাবে শিকিবলগীয়া বিষয়।

মন কৰিবলগীয়া যে কালিৰ এই কাৰ্যসূচীৰ বিষদ প্ৰতিবেদন মহাৰাষ্ট্ৰৰ কাকতসমূহে আজি বিষদভাৱে প্ৰকাশ কৰিছে৷ অনুষ্ঠানটোত বলিউডৰ কেইবাজনো অভিনেতা-অভিনেত্ৰী উপস্থিত আছিল৷ 

বাঁহৰ উদ্যানখন মহাৰাষ্ট্ৰৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছে আৰু ইয়াত দেশ-বিদেশৰ শ শ ভিন্ন প্ৰজাতিৰ বাঁহ সংৰক্ষণ কৰা হৈছে৷

মন কৰিবলগীয়া যে মহাৰাষ্ট্ৰ চৰকাৰৰ এক কাৰ্যসূচীক অসমৰ সংস্কৃতি আৰু পৰ্যটনৰ গুৰুত্বপূৰ্ণ প্ৰচাৰস্থলীলৈ সলনি কৰিব পৰাৰ সম্পূৰ্ণ কৃতিত্ব দাবী কৰিব পাৰে ডঃ লস্কৰে।