ডিজিটেল ডেস্কঃ ম্যানমাৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হটিন ক্যাৱেৰ পদত্যাগ৷ স্বাস্থ্যজনিত কাৰণতেই অাঙ ছান ছ্যু কিৰ বাওঁহাত স্বৰূপ ক্যাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে৷ 

ৰাষ্ট্ৰপতি দপ্তৰৰ অফিছিয়েল ফেচবুক পেজটোৰ জৰিয়তে ৭২ বছৰীয়া হটিন ক্যাৱে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ কথা জানিব পৰা গৈছে৷ 

উল্লেখ্য যে, ২০১৬ চনৰ মাৰ্চত আঙ ছান ছ্যু কিৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেছিৰ নেতৃত্বত হটিন ক্যাৱে ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল৷ হটিন ক্যাৱে ৰাষ্ট্ৰপতি হোৱাৰ পাছতে ম্যানমাৰত সেনাৰ একনায়কত্ববাদৰ অৱসান ঘটায়৷

আঙ ছান ছ্যু কিৰ নেতৃত্বত ৰহিংগীয়া মুছলমানৰ ওপৰত চলা বৰ্বৰ আক্ৰমণক বিশ্ববাসীয়ে ধিক্কাৰ দিছিল৷ ম্যানমাৰৰ ৰাখিনে নামৰ ৰাজ্যত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত ৰাজ্যখনৰ পৰা ১০ লাখ ৰহিংগীয়াই পলায়ন কৰিছিল৷ মানৱাধিকাৰ উলংঘন কৰাৰ অপৰাধত দুবছৰীয়া শাসন কালত থকা হটিন ক্যাৱে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল৷