The New York Times
The New York Times

ডিজিটেল ডেস্কঃ বাংলাদেশৰ সংবাদমাধ্যমৰ খবৰ মতে ম্যানমাৰত পুনৰাই ৰোহিংগীয়াৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে ম্যানমাৰ সেনাই৷ ম্যানমাৰৰ ৰোহিংগীয়া নামৰ ইছলামধৰ্মী জনগোষ্ঠীটোৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ চলি আহিছে যদিও বিশ্বৰ বিভিন্ন সংগঠনৰ হেঁচাত এই অত্যাচাৰ বন্ধ কৰিবলৈ বাধ্য হৈছিল যদিও বুূধবাৰৰ পৰা পুনৰ এই অত্যাচাৰৰ সুত্ৰপাত ঘটিছে বুলি প্ৰকাশ পাইছে৷

বাংলাদেশ সীমান্তৰ পাহাৰীয়া অঞ্চল বান্দৰবান, নাইক্ষংছড় এলেকাত ম্যানমাৰ সেনাই গুলীচালনা কৰাৰ লগতে বহু পৰিয়ালৰ ঘৰ জ্বলাই দিয়ে। সীমান্তত যোৱা কিছুদিন ধৰি অবিৰত গুলীবৰ্ষণ হৈ আহিছে বুলি খবৰত প্ৰকাশ৷ প্ৰায় ৬ হাজাৰ ৰোহিংগীয়া বাস কৰা এলেকাটোত আতংকৰ পৰিৱেশে বিৰাজ কৰে৷ বুধবাৰে আবেলিৰ পৰা তমব্ৰু সীমান্তৰ মংডু, ফকিৰাবাজাৰ এলেকাত বহু ৰোহিংগীয়াৰ ঘৰ-দুৱাৰ জ্বলাই দিয়ে সেনাই৷

তাৰ পিছত বৃহস্পতিবাৰে পুৱাই পুনৰ উক্ত এলেকাত বহু ঘৰ জ্বলাই দিয়াৰ ফলত শৰনাৰ্থী শিবিৰত বাস কৰে বহু লোকে৷ আনহাতে সীমান্ত এলেকাটোত বাংলাদেশৰ সীমান্তৰক্ষী বিজিপি আৰু ম্যানমাৰৰ সেনাৰ মাজত গুলীয়াগুলীও লাগে৷

২০১৭ বৰ্ষৰ ছেপ্তেম্বৰ, অক্টোবৰ মাহত ম্যানমাৰত ৰোহিংগীয়াৰ ওপৰত ভয়াবহ আক্ৰমণ সংঘটিত হৈছিল৷ বাংলাদেশত বৰ্তমানে ৰোহিংগীয়া শৰনাৰ্থীৰ সংখ্যা প্ৰায় ছয় লাখৰ ঘৰ চুইছেগৈ৷ ম্যানমাৰ চৰকাৰৰ ওপৰত ভাৰত আৰু বাংলাদেশ চৰকাৰে প্ৰবল হেঁচা দিয়াত ৰোহিংগীয়া শৰণাৰ্থীক ওভতাই নিবলৈ সন্মত হোৱাৰ পিছত পুনৰ ম্যানমাৰত ৰোহিংগীয়াৰ ওপৰত অত্যাচাৰ হোৱাৰ অভিযোগ উত্থাপন হয়৷