নগাঁওঃ ক্ৰীড়া ক্ষেত্ৰখনলৈ নগঞা খেলুৱৈয়ে ধাৰাবাহিকভাৱে কঢ়িয়াই অনা ইটোৰ পিছত সিটো সফলতাই নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি অহাৰ সময়তে পুনৰ চাৰিগৰাকীকৈ খেলুৱৈয়ে কঢ়িয়াই আনিছে সফলতা৷ সদ্য সমাপ্ত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে চাৰিগৰাকী ক্ৰীড়াবিদে৷ 

যোৱা ১৩ আৰু ১৭ নৱেম্বৰত হিমাচল প্ৰদেশৰ পালামপুৰত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়াত অসম দলক প্ৰতিনিধিত্ব কৰি এই কেইগৰাকী খেলুৱৈয়ে তিনিটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জ পদ দখল কৰি নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যবাসীক গৌৰাম্বিত কৰি তুলিছে৷ উক্ত প্ৰতিযোগিতাৰ অনূৰ্ধ্বৰ ১৯ ল’ৰা আৰু ছোৱালীৰ ইউনিফাইট সমৰকলাত ৬৩ কেজিৰ উৰ্ধ্বৰ শাখাত দেবাংগনা ভূঞা বৰাই স্বৰ্ণ, ৪৮-৫০ কেজিৰ শাখাত শেখৰ জ্যোতি বৰাই স্বৰ্ণ আৰু ৫৪-৫৬ কেজিৰ শাখাত কমল বৰাই স্বৰ্ণ পদক আজুৰি অনাৰ বিপৰীতে ৫১-৫৩ কেজিৰ শাখাত নৱনীত বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ 

নগঞা এই চাৰিগৰাকী ক্ৰীড়াবিদৰ এনে সাফল্যত বৰ্তমান সমগ্ৰ নগাঁও জিলাতে উৎসাহৰ ঢল বোৱাৰ লগতে সকলোয়ে অভিনন্দন জনাইছে৷ ইফালে, প্ৰতিযোগিতাৰ ল’ৰাৰ শাখাত অসমৰ দলটিয়ে দ্বিতীয় শ্ৰ্যেষ্ঠ দলৰ সন্মান আহৰণ কৰে৷ অসম দলটোৰ লগত ল’ৰাৰ প্ৰশিক্ষক ৰূপে মৃণাল কুমাৰ মহন্ত, ছোৱালীৰ প্ৰশিক্ষক ৰূপে পূৰ্ণিমা খান, জেনেৰেল মেনেজাৰ হিচাপে পাপ্পু খান আৰু এইচ অ’ ডি হিচাপে প্ৰাণ কৃষ্ণ ভূঞা বৰা গৈছিল৷ উল্লেখ্য যে, এই প্ৰতিযোগিসকলে নগাঁও নাইটচ সমৰকলা কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক মিন্টু গোস্বামীৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰি আহিছে৷