জয়ন্ত মুদৈ, নগাঁওঃ এজনী কনমানি ছোৱালী৷ নাম নিদৰ্শণা কলিতা৷ সকলোৱে মৰমতে তাইক মাতে দৃষ্টি বুলি৷ সোমবাৰে তাইৰ শুভ ওপজা দিনটোতে এক মহৎ কামেৰে সকলোৰে আগত দেখুৱালে এক নিদৰ্শন৷ 

আচলতে প্ৰতিটো শিশুৱেই নিজৰ জন্মদিনটো সদায় অতি উলহ-মালহেৰে পালন কৰিব বিচাৰে৷ নিদৰ্শণাইয়ো প্ৰত্যেক বছৰে পৰিয়ালৰ সতে উলহ-মালহেৰে এই দিনটো পালন কৰি আহিছিল যদিও এইবাৰ সিদ্ধান্ত ল'লে বিশেষ দিনটো উদ্ যাপন নকৰাৰ৷ টেলিভিশ্বনত চাৰিওফালে বৰ্নাত্যৰ হাহাকাৰ, ভোকে-পিয়াহে গৃহহীন, বস্ত্ৰহীন কন-কন শিশুসকলৰ কান্দোন, মৰমৰ ঘৰখন পানীয়ে উটোৱাই নিয়াৰ পিছত কিতাপ পত্ৰ বিচাৰি নিজৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে টিভিত কান্দি কান্দি কোৱা দুখৰ কথাবোৰে আঠ বছৰীয়া ছোৱালীজনীৰ হৃদয় কপাঁই তুলিলে৷ 

তদুপৰি তাই নিজৰ একমাত্ৰ মৰমৰ মামীয়েক আৰু পেহাককাক জটিল ৰোগত আক্ৰান্ত হৈ বিগত এসপ্তাহে চিকিৎসাধীন অৱস্থাত থকা কথাটোৱেও তাইৰ অন্তৰত খুন্দা মাৰিলে৷ এই সকলো পৰিৱেশ পৰিস্থিতি হৃদয়ংগম কৰি কনমানি নিদৰ্শণাই নিজেই তাইৰ বিশেষ দিনটো পূৰ্বৰ দৰে উদ্ যাপন নকৰো বুলি দেউতাক আৰু মাকক কোৱাৰ লগতে নিজৰ জন্মদিনত খৰচ কৰিবলৈ বুলি গোটাই থোৱা ১৩৩৩ টকা বানাক্ৰান্ত দুৰ্ভগীয়া লোকসকলৰ সহায়ৰ বাবে তাইৰ হৈ আগবঢ়াই দিবলৈ দেউতাকৰ হাতত দিলে৷ 

তাই আগবঢ়োৱা সেইখিনি টকাৰ লগত মাক কৰিস্মা কলিতাই ১০০০ আৰু দেউতাক গুনমনি কলিতাই ১০০০ টকা যোগ কৰি মুঠ ৩৩৩৩ টকা Online যোগে Chief Minister's Relief Fund Assam লৈ বৰঙণি হিচাপে আগবঢ়ায়৷ ইফালে, জন্মদিনৰ শুভ ক্ষণত কনমানি নিদৰ্শণা কলিতাৰ লগতে বানত ক্ষতিগ্ৰস্ত সকলোৰে কুশল-মংগল কামনাৰে গুৰুজনাৰ পবিত্ৰ ওপজাভূমি বৰদোৱাৰ ঐতিহাসিক দৌল গোসাঁইৰ শ্ৰীচৰনত পৰিয়ালটোৱে সোমবাৰে এখন শৰাই-নৈবেদ্য আগবঢ়াই সেৱা জনায়৷ 

উল্লেখ্য যে, বটদ্ৰৱাৰ কনমানি ছোৱালীজনীৰ এইখিনি ধনাত্মক মনোভাৱ, চিন্তাধাৰা বিষয়ে সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে৷ সকলোৱে কনমানি জনীৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে তেওঁ আৰ্শীবাদ জনোৱো দেখা গৈছে৷ নগাঁও খীষ্টজ্যোতি স্কুলৰ দ্বিতীয় শ্ৰেনীৰ কনমানি নিদৰ্শনাৰ এই মহানুভৱতাক নিশ্চিতভাৱে আজিৰ সমাজৰ বাবে এক সুন্দৰ  নিদৰ্শন৷