জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বেবেজীয়াৰ খাটগুৰি বেবেজীয়া যুৱ সমাজৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ১০ আৰু ১১ মে’ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ৰঙালী বিহু উৎসৱটি বেবেজীয়া ভোগেশ্বৰ হাজৰীকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় প্ৰাংগণত উদযাপনৰ দিহা কৰা হৈছে৷

এই মৰ্মে নকুল সেনাপতিক সভাপতি, লক্ষী বৰদলৈক কাৰ্যকৰী সভাপতি আৰু চান্টু পাটৰক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠনেৰে প্ৰস্তুতি চলাই থকা হৈছে৷

কাৰ্যসূচী অনুযায়ী প্ৰথম দিনা পুৱা ৬ বজাত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পাছতে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিয়লি ১ বজাত মুকলি কুইজ প্ৰতিযোগিতা, ৩ বজাত বঁটা বিতৰণী অনুষ্ঠান আৰু সন্ধিয়া ৭ বজাত বিচাৰক আৰু দাতাসকলৰ পৰিচয় আৰু আদৰণি অনুষ্ঠানৰ অন্তত নিশা ৯ বজাৰপৰা সদৌ অসম ভিত্তিত বিহুকন্যা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ 

দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে নিশালৈ আয়োজিত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী সোণটি বৰদলৈয়ে গীতৰ শৰাই আগবঢ়াব৷ বিহুকন্যা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫০০১ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ৪০০১ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ ৩০০১ টকাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ বিপৰীতে শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ গগণা বাদক, শ্ৰেষ্ঠ বিহুৱা আৰু শ্ৰেষ্ঠ পেপুৱাক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ’ব৷

তদুপৰি মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰা প্ৰতিযোগীক যথাক্ৰমে নগদ ২০০১ টকা, ১৫০১ টকা, ১০০১ টকা আৰু ৫০১ টকাৰ লগতে একোখনকৈ মানপত্ৰ তথা আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে নগদ ২৫০১ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ২২০১ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ ১৫০১ টকাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।